Voice of Eastern India

বান-বৰষুণৰ তাণ্ডৱ: প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত!


ৰাজ্যত অব্যাহত আছে প্ৰবল বৰষুণ আৰু সংহাৰী বান পৰিস্থিতি । কাৰ্বি আংলঙত সকলো জলপ্ৰপাত থকা বনভোজস্থলী সাময়িকভাৱে বন্ধ ঘোষণা

ৰাজ্যত অব্যাহত থকা প্ৰবল বৃষ্টিপাত আৰু সংহাৰী বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰিছে । কৰ্তৃপক্ষই পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে সমগ্ৰ জিলাখনৰে জলপ্ৰপাত সংলগ্ন সকলো বনভোজৰ স্থান সম্পূৰ্ণভাৱে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।

জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA) সভাপতি অনামিকা শইকীয়াই এই চৰকাৰী নিৰ্দেশনা জাৰি কৰে । প্ৰশাসনৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, অশুভ পৰিস্থিতি এৰাই চলি জনসাধাৰণৰ জীৱন-সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ স্বাৰ্থতে এই জৰুৰী সিদ্ধান্ত লোৱা হৈছে ।

উল্লেখ্য যে, যোৱা কেইবাটামান দিন ধৰি হৈ থকা অবিৰাম বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে জিলাখনৰো স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে । বতৰৰ অৱস্থা উন্নত নোহোৱালৈকে নদী, জলপ্ৰপাত আৰু অন্যান্য বিপদজনক জলাশয়সমূহৰ পৰা আঁতৰত থাকিবলৈ প্ৰশাসনে স্থানীয় ৰাইজৰ লগতে পৰ্যটকসকলকো বিশেষভাৱে আহ্বান জনাইছে ।

লগতে পঢ়ক : উজনিত পুনৰ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি



Source link

Leave A Reply

Your email address will not be published.