আইচিচিৰ গভাৰনেনছ কমিটিৰ অধ্যক্ষ অধিবক্তা দেৱজিৎ শইকীয়াক
অভিনন্দন বিভিন্ন দল-সংগঠনৰ
গুৱাহাটী, ১৪ জুলাই ২০২৬ : অসমৰ গৌৰৱ শ্ৰীযুত দেৱজিৎ শইকীয়াক, ICC Governance Committee-ৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে আন্তৰিক অভিনন্দন জনাইছে অসমৰ বিভিন্ন দল-সংগঠনৰ নেতৃত্বই।
অধ্যক্ষৰ দৰে এই সন্মানজনক দায়িত্ব কেৱল তেখেতৰ ব্যক্তিগত সফলতাই নহয়, সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱৰ মুহুৰ্ত। তেখেতৰ দক্ষ নেতৃত্ব, সুদীৰ্ঘ অভিজ্ঞতা আৰু নিষ্ঠাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰশাসনত নতুন দিশ প্ৰদৰ্শন কৰিব বুলি আমাৰ পূৰ্ণ বিশ্বাস আছে বুলি মত ব্যক্ত কৰিছে প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ শান্তিয়াছ কুজুৰে।
তেখেতৰ সফল কাৰ্যকাল, সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আন্তৰিক শুভকামনা জনাইছে ইউনাইটেড ট্ৰাবেল অৰ্গেনাইজেছন অৱ অসম ইউটিঅআ’ৰ উপ-সভাপতি ড° অৰিন্দম প্ৰিন্স পাংগিং, অসম ক্ৰিকেট এচোছিয়েশ্যনৰ সভাপতি তৰংগ গগৈ আৰু বিভিন্নজনে।

