Voice of Eastern India

মিষ্ঠ প্ৰসাদ সোণোৱালৰ পৰলোকপ্ৰাপ্তি

জ্যেষ্ঠ ভাতৃক শেষ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

✅ জ্যেষ্ঠ ভাতৃ মিষ্ঠ প্ৰসাদ সোণোৱালক শেষ বিদায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

✅ভাতৃৰ নশ্বৰদেহ কান্ধত লৈ শেষ যাত্ৰাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ

✅চাবুৱাৰ বিন্ধাকটাৰ স্বগৃহত সম্পন্ন শেষকৃত্য

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ, ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা এগৰাকী সৰবৰহী সৰল ব্যক্তি মিষ্ট প্ৰসাদ সোণোৱাল ককাইদেউৰ বিয়োগত শোক প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই।

মিষ্ঠ প্ৰসাদ সোণোৱালৰ পৰলোকগামী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু শোকাকুল পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে মন্ত্ৰী অতুল বৰাই। সদ্য প্ৰয়াত অৱসৰপ্ৰাপ্ত বেংক বিষয়া মিষ্ঠ প্ৰসাদ সোণোৱালৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেচন অৱ অসম ইউটিঅআৰ সভাপতি মাৰ্কোচ বসুমতাৰী, উপ-সভাপতি ড° অৰিন্দম প্ৰিন্স পাংগিং, অসম লুতাদৰ কাৰ্যবাহী সম্পাদক জোনমণি য়েইন পাংগিঙে।

এই শোক সহিবলৈ ঈশ্বৰে পৰিয়ালটিক শক্তি আৰু সাহস দিয়ক, তাৰেই কামনা কৰিছে বিভিন্ন দল সংগঠনে।

Leave A Reply

Your email address will not be published.