Voice of Eastern India

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ; হোৰাহোৰে সোমাইছে পানী


ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানপানীয়ে সংহাৰি ৰূপ ধাৰণ কৰিছে। এইবাৰ গহপুৰত ৩খনকৈ নৈৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

 উজনি অসমৰ ৪ খনকৈ জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে এইবাৰ গহপুৰত বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। গহপুৰৰ তিনিখনকৈ নদীৰ বানত ফলত  স্থানীয় ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। গহপুৰ চহৰৰ মাজেৰে বৈ যোৱা কুকুৰ জান নদীৰ ভগ্ন মথাউৰিয়েদি অহা পানীয়ে চিকিৎসালয় , ৰাজহচক্ৰৰ কাৰ্যালয় কৈ ধৰি বহু চৰকাৰী কাৰ্যালয় বুৰাই পেলাইছে।

একেদৰে ব্ৰাহ্মজান নদীয়ে মথাউৰি ভাগি খাটৰ বাৰী ,দৰীয়াখাট আদি প্লাবিত কৰিছে।বহু লোকৰ ঘৰত পানী সোমাইছে, পথৰ ওপৰেদি বাগৰিছে পানী। আনহাতে সোলেঙী নদীৰ পানীয়েও গহপুৰ ‘ন বিল অঞ্চল প্লাবিত কৰিছে।

আনহাতে কলাইগাঁৱত বানৰ একে পৰিস্থিতি হৈছে।মঙলদৈ ভূটিয়া চাং পথৰ ওপৰেৰে বাগৰিছে পানী। মঙলদৈৰ সৰু ঔতলাত নোৱানৈ মথাউৰি ছিঙাৰ ফলত জনবসতি অঞ্চল সমূহলৈ হোৰা হোৰে পানী সোমাইছে।বেঙাবৰা,অহকা , মথঙা গাওঁ প্লাবিত হৈছে।  যাৰ ফলত এতিয়া গাওঁ বাসী আতংকিত হৈছে।  

লগতে পঢ়ক: “কেন্দ্ৰীয় চৰকাৰ অসমৰ ৰাইজৰ লগত আছে”; বানপীড়িতক পূৰ্ণ সমৰ্থনৰ আশ্বাস জে পি নাড্ডাৰ



Source link

Leave A Reply

Your email address will not be published.