Voice of Eastern India

সেনাৰ ‘অপাৰেচন জল ৰাহাট’ আৰম্ভ


সমগ্ৰ উজনি অসমত বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰি থকাৰ সময়তে ভাৰতীয় সেনাই ‘অপাৰেচন জল ৰাহাট’ অভিযান আৰম্ভ কৰিছে।

উজনি  অসমত বান পৰিস্থিতি ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে। তাৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ, শিৱসাগৰ তথা যোৰহাট জিলা আটাইতকৈ বেছি প্ৰভাৱিত জিলা হিচাপে চিহ্নিত হোৱাৰ পিছত অসামৰিক প্ৰশাসনক উদ্ধাৰ আৰু সাহায্য কাৰ্যত সহায় কৰিবলৈ ভাৰতীয় সেনাই ‘অপাৰেচন জল ৰাহাট’ (Operation Jal Rahat) আৰম্ভ কৰিছে।

বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ বাবে উদ্ধাৰ অভিযানৰ বাবে সেনা আৰু অসম ৰাইফলছৰ কেইবাটাও দল মোতায়েন কৰা হৈছে, আনহাতে ভাৰতীয় বায়ু সেনাক (IAF) হাই এলাৰ্টত (standby) ৰখা হৈছে। চৰকাৰী সূত্ৰ অনুসৰি, ৰাজ্যিক প্ৰশাসন, দুৰ্যোগ প্ৰশমন বাহিনী আৰু সেনা জোৱানসকলে ইতিমধ্যে জলমগ্ন অঞ্চলসমূহৰ পৰা বহু আৱদ্ধ লোকক উদ্ধাৰ কৰিছে।

বানপানীৰ বাবে ৰে’লপথৰ বিভিন্ন অংশ ক্ষতিগ্ৰস্ত ফলত ৰে’ল সংযোগো ব্যাহত হৈ পৰিছে।দুটাকৈ মথাউৰি ভাঙি যোৱাৰ ফলত এক বৃহৎ অঞ্চল প্লাৱিত হৈ পৰিছে আৰু ইয়াৰ ফলত উজনি অসমৰ হাজাৰ হাজাৰ গাঁৱৰ ৰাইজ প্ৰভাৱিত হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ তদাৰক কৰিবলৈ মন্ত্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁইক প্ৰভাৱিত জিলাকেইখনলৈ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে জ্যেষ্ঠ মন্ত্ৰীসকলক ক্ষেত্ৰভিত্তিক পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ আৰু প্ৰভাৱিত পৰিয়ালসমূহৰ ওচৰত যাতে সময়মতে সাহায্য পৌঁছায়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ASDMA)-ই জনোৱা মতে, দেওবাৰে (১৯ জুলাই) বান পৰিস্থিতি অধিক অৱনতি ঘটে আৰু শিৱসাগৰত এজন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ লগে লগে চলিত বৰ্ষত ৰাজ্যখনত বানপানীৰ ফলত হোৱা মুঠ মৃত্যুৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে।

চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আৰু ওদালগুৰি — এই সাতখন জিলাৰ ৫৭,১০০ তকৈও অধিক লোক বানৰ কৱলত পৰিছে। প্ৰভাৱিত লোকৰ সংখ্যা পূৰ্বৰ দিনটোত প্ৰায় ২৪,০০০ আছিল যদিও ইয়াৰ পিছৰ দিনটোতে এই সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাইছে।

লগতে পঢ়ক: উজনিত বানৰ কালৰূপঃ শিৱসাগৰ-যোৰহাট-চৰাইদেউত হাহাকাৰ!



Source link

Leave A Reply

Your email address will not be published.