Voice of Eastern India

টেঙাখাতৰ অইলৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি


টেঙাখাতৰ অইল ইণ্ডিয়া লিমিটেডত সংঘটিত হোৱা এক অগ্নিকাণ্ড মৃতকৰ সংখ্যা এতিয়া তিনি জনলৈ বৃদ্ধি পাইছে।

ডিব্ৰুগড় জিলাৰ টেঙাখাতত থকা অইল ইণ্ডিয়া লিমিটেড (OIL)ৰ এটা প্ৰতিষ্ঠানত শুকুৰবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। ভয়াবহ অগ্নিকাণ্ডটোৰ ফলত কেইবাজনো লোক গুৰুত্বৰভাৱে আহত হৈছিল। ঘটনাটোৰ ফলত নিহতৰ সংখ্যা এতিয়া ৩ জনলৈ মৃত্যু হৈছে।ৰূপম গোহাঁই নামৰ এজন লোকৰো এতিয়া অগ্নিদগ্ধ হৈ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ৰূপম গোহাঁই। শুকুৰবাৰে অইলৰ অগ্নিকাণ্ডত আহত হৈছিল ৰূপম গোহাঁই।

শুকুৰবাৰে, ৬ নৱেম্বৰত টেঙাখাতস্থিত অইলৰ ইন্টাৰমিডিয়েট টেংক ফাৰ্ম (ITF) প্ৰ চৌহদত বিস্ফোৰণৰ পিছত এই অগ্নিকাণ্ড সংঘটিত হৈছিল, য’ত ৰাজু দত্ত নামৰ এক লোক থিতাতে মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হৈছিল। নিশা চিকিৎসাধীন অৱস্থাত তাপস গগৈৰ মৃত্যু হোৱাৰ লগতে কিছু সময়ৰ পূৰ্বে ৰূমপ গোহাঁইৰো মৃত্যু হয়।  বৰ্তমান আহত আন ৪ জন লোক চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক: মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড; দাউ দাউ কৈ জ্বলি উঠিল দোকান



Source link

Leave A Reply

Your email address will not be published.