Voice of Eastern India

অসম সাহিত্য সভাৰ বিদ্যায়তনিক আৰু সাংস্কৃতিক সমাৱেশ২০২৬

গৰিয়া, মৰিয়া, দেশী, জলহা, চৈয়দ জনগোষ্ঠীৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

ABKK Kamarupa, Guwahati, 6th September 2026: অসম সাহিত্য সভাৰ উদ্যোগত ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত আজি গৰিয়া, মৰিয়া, দেশী, জলহা (চাহ জনগোষ্ঠী) আৰু চৈয়দ জনগোষ্ঠীৰ বিদ্যায়তনিক আৰু সাংস্কৃতিক সমাবেশ অনুষ্ঠানত অংশগ্ৰহণ অসম সংখ্যালঘূ আয়োগৰ অধ্যক্ষ তবিবৰ ৰহমানৰ। পদ্মশ্ৰী বিশিষ্ট চিকিৎসক ডাঃ ইলিয়াছ আলীৰ সঞ্চালনত অনুষ্ঠিত হোৱা অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা, সাহিত্য সভাৰ সদস্য ধীৰেন শৰ্মা, জেষ্ঠ অধিবক্তা নেকিবুৰ জামান, বিশিষ্ট লেখক মুকুট শৰ্মা, বিশিষ্ট লেখক গল্পকাৰ ইমৰান হুছেইনৰ লগতে অসমৰ কেইবাটাও খিলঞ্জীয়া গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ জনগোষ্ঠীৰ প্ৰতিনিধি আৰু বিশিষ্ট সমাজকৰ্মী সকল।


আজিৰ এই অসম সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা জনগোষ্ঠীয় বিদ্যায়তনিক আৰু সাংস্কৃতিক সমাবেশখনে আগন্তুক দিনত জনগোষ্ঠীয় স্বকীয়তা আৰু পৰম্পৰা সমূহ পুনৰুজ্জীৱিত হোৱাৰ লগে লগে সংৰক্ষণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিব। অসমৰ সমূহ জনগোষ্ঠীয় দল সংগঠনৰ লগতে শুভাকাংক্ষী সকলে একত্ৰিত হৈ নিজৰ পৰম্পৰা আৰু অস্তিত্ব ৰক্ষাৰ বাবে ঐক্যবদ্ধ হ’ব লাগিব।
এটা কথা মনত ৰখা উচিত যে আমাৰ অসমৰ খিলঞ্জীয়া অসমীয়া মুছলমানৰ অধিকাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জনগোষ্ঠীয় সংগঠন সমূহে যি গঠনমূলক বা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব তাত যি ৰাজনৈতিক দল সংগঠন নকৰক কিয় সকলোৱে নৈতিক সমৰ্থন আগবঢ়াব লাগে বুলি মত প্ৰকাশ কৰিছে সমাজকৰ্মী তবিবৰ ৰহমানে।

Leave A Reply

Your email address will not be published.