Voice of Eastern India

অসমত আহিব নেকি বৰভূঁইকপ ? সতৰ্কতা জাৰি


সঁচাকৈয়ে অসমত হ’ব নেকি ৮.৫ প্ৰাবল্যৰ ভূমিকম্প ? দুৰ্যোগ প্ৰশমন বিভাগে মুকলি কৰিলে ৭টাকৈ হেল্পলাইন নম্বৰ।

যিকোনো মুহূৰ্তত বৰভূঁইকপৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰিছে সতৰ্কতা। দৰাচলতে কিছুদিন পূৰ্বে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ অভিজিৎ বৰদলৈয়ে  কৈছিল যে অসমত আগষ্ট মাহৰ শেহভাগত বা ছেপ্টেম্বৰৰ পহিলাতে ৮.৫ প্ৰাবল্যৰ এটা ভূমিকম্প হ’ব পাৰে। তাৰ পিছতেই এতিয়া সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে মুকলি কৰা হৈছে হেল্পলাইন, জৰুৰী ফোন নম্বৰ।

দুৰ্যোগ প্ৰশমন বিভাগে ৭টাকৈ নম্বৰ মুকলি কৰিছে।

ৰাজ্যিক কন্ট্ৰোল ৰুমৰ নম্বৰ হৈছে- 0361-2237219আৰু 094010-44617

টোল ফ্ৰী নম্বৰ- 1070, 1079, 112

জিলা কন্ট্ৰল ৰুমৰ নম্বৰ- 1077, 112

দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা নিৰ্দেশনাত ভূমিকম্পৰ জোকাৰণি অনুভূত হ’লে মজবুত ডেস্ক বা টেবুলৰ তলত আশ্ৰয় লওক, আতংকিত নহৈ সহজত ঘৰৰ পৰা বাহিৰলৈ ওলাই আহক, ওখ অট্টালিকা, ডাঙৰ গছ, ষ্ট্ৰীটলাইট বিপজ্জনক বস্তুৰ পৰা আঁতিৰ থাকক আৰু স্কুল বাছ বা গাড়ীত থাকিলে ভিতৰতে থাকক ইত্যাদি সতৰ্কতা অৱলম্বন কৰিবলৈ কৈছে।

লগতে পঢ়ক: জনশূণ্য মেঘালয়ৰ পৰ্যটনস্থলী, বন্ধ কৰি দিয়া হ’ল ইন্ধন পৰিবাহী ট্ৰাক



Source link

Leave A Reply

Your email address will not be published.