Voice of Eastern India

সুদৰ্শনালয়ত গীতা প্ৰবচন অনুষ্ঠান সম্পন্ন

ডাঃ হেডগাৱেকাৰ স্মাৰক সমিতিৰ উদ্যোগত সম্পন্ন

সুদৰ্শনালয়ত গীতা প্ৰৱচন অনুষ্ঠান সম্পন্ন

গুৱাহাটী, ৭ জুলাই: ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ সৌজন্যত আৰু সুৰেন্দ্ৰনাথ শৰ্মা পুথিভঁৰালৰ উদ্যোগত যোৱা দেওবাৰে সন্ধিয়া সুদৰ্শনালয়ত ‘ব্যৱহাৰিক জীৱনত গীতাৰ প্ৰাসংগিকতা’ শীৰ্ষক এক গীতা প্ৰৱচন অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সফলতাৰে সম্পন্ন হয়। আধ্যাত্মিক ভাবগধুৰ এই অনুষ্ঠানটোত ভালেসংখ্যক গীতা অনুৰাগী, সমাজৰ বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

পৰম্পৰাগতভাৱে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত উপস্থিত বিশিষ্ট অতিথিসকলক প্ৰথমে সম্বৰ্ধনা জনোৱা হয়। সমগ্ৰ অনুষ্ঠানটো সুচাৰুৰূপে আঁত ধৰে ডাঃ প্ৰশান্ত বুঢ়াগোহাঁইয়ে। তেওঁ অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰি কয় যে শ্ৰীমদ্ভগৱদ্গীতাৰ চিৰন্তন আদৰ্শ আৰু জীৱনদৰ্শনক দৈনন্দিন জীৱনত প্ৰয়োগ কৰাৰ জৰিয়তেহে এখন সুস্থ, নৈতিক আৰু মূল্যবোধসম্পন্ন সমাজ গঢ়ি তোলা সম্ভৱ। ইয়াৰ পিছতে উপস্থিত সুধীবৃন্দই সমূহীয়াভাৱে শ্ৰীমদ্ভগৱদ্গীতাৰ দ্বাদশ আৰু ষোড়শ অধ্যায় পাঠ কৰে। শ্ৰী ৰীড ৰীডম মহন্ত দেউৰীয়ে পৰিবেশন কৰা এটি ভক্তিৰসৰ বৰগীতে অনুষ্ঠানটিৰ আধ্যাত্মিক পৰিৱেশ অধিক মধুৰ কৰি তোলে।

অনুষ্ঠানত উপস্থিত ৰাইজৰ হৈ ড০ ইন্দ্ৰাণী দত্ত গগৈ আৰু শ্ৰীযুত দেৱজিত হাজৰিকাই নিজ নিজ ব্যৱহাৰিক জীৱনত গীতাৰ প্ৰভাৱ আৰু ইয়াৰ সকাৰাত্মক অনুভৱ ব্যক্ত কৰে।

উক্ত আধ্যাত্মিক সভাৰ মূল আকৰ্ষণ আছিল শ্ৰী শ্ৰী বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত ৰিজু পাঠক মহন্তৰ সাৰুৱা গীতা প্ৰৱচন। নিৰ্ধাৰিত বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি তেওঁ গীতাৰ কৰ্মযোগ, আত্মনিয়ন্ত্ৰণ, নৈতিকতা, কৰ্তব্যবোধ আৰু মানৱসেৱাৰ শিক্ষাক বৰ্তমানৰ জটিল সমাজ জীৱনৰ সৈতে সুন্দৰভাৱে সংগতি দৰ্শাই বাখ্যা কৰে। সত্ৰাধিকাৰগৰাকীৰ সৰল অথচ গভীৰ বিশ্লেষণধৰ্মী ভাষণে উপস্থিত সকলোকে বিশেষভাৱে অনুপ্ৰাণিত কৰে।

প্ৰৱচন অনুষ্ঠানটোত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক শ্ৰী জ্ঞান মোহন মণ্ডল ডাঙৰীয়াও উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

শেষত শ্ৰীমতী মল্লিকা বুঢ়াগোহাঁইয়ে শলাগৰ শৰাই আগবঢ়ায় আৰু শ্ৰীযুত আকাশ বৰ্দ্ধনৰ শান্তি মন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে। সামগ্ৰিকভাৱে, গীতাৰ চিৰন্তন বাণীক সমাজৰ মাজলৈ কঢ়িয়াই নিয়াৰ এই প্ৰয়াসক উপস্থিত ৰাইজে ভূয়সী প্ৰশংসা কৰে।

Leave A Reply

Your email address will not be published.