সংখ্যালঘু আয়োগৰ অধ্যক্ষ তবিবৰ ৰহমানৰ সৈতে অতিৰিক্ত মুখ্য সচিবৰ বৈঠক
ড° কে কে দ্বীবেদিৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা
Assam Commission for Minorities Chairperson Tabibar Rahman meeting with Dr KK Dwivedi IAS
ABKK Kamarupa, 23rd July 2026, Dispur: আজি জনতা ভৱন, দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কৃষ্ণা কুমাৰ দ্বিবেদীক অসম সংখ্যালঘূ আয়োগৰ অধ্যক্ষ তবিবৰ ৰহমানে সাক্ষাৎ কৰে আৰু কৰ্পৰেট সামাজিক দায়বদ্ধতা পুঁজিৰ ওপৰত আলোচনা কৰা দেখা গ’ল।
ইয়াৰ উপৰিও আগন্তুক দিনত কেনেকৈ অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিভিন্ন উন্নয়ন আৰু বিকাশ কৰিব পাৰি তাৰে বাবে এক সুন্দৰ পৰিকল্পনা যুগুত কৰা হয়।
মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarmaৰ নিৰ্দেশ মৰ্মে আজিৰ এক সুন্দৰ আৰু ইতিবাচক আলোচনা সম্ভৱ হ’ল তাৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে অধ্যক্ষ তবিবৰ ৰহমানে।
অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিভিন্ন ক্ষেত্ৰত অৰ্থাৎ শৈক্ষিক, সামাজিক, সংস্থাপন, ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষা, সামাজিক ন্যায় ব্যৱস্থা, ড্ৰাগছ প্ৰতিৰোধ, বাল্য বিবাহ, বহুবিবাহ,সম নাগৰিক সংহিতা, গৰাখহনীয়া ৰোধ আদি সামৰি গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়।
অসমৰ মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিবে সকলো কথা গুৰুত্বসহকাৰে লোৱাৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে অধ্যক্ষ তবিবৰ ৰহমানে।


