Voice of Eastern India

শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ চাকৰিৰ বিজ্ঞাপন মুকলি


অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয় কাৰ্যকালত শেহতীয়াকৈ নতুন চাকৰিৰ বিজ্ঞাপন মুকলি কৰা হৈছে।

নিবনুৱা সকলৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আনিছে এক ভালখবৰ। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয় কাৰ্যকালত শেহতীয়াকৈ নতুন চাকৰিৰ বিজ্ঞাপন মুকলি কৰা হৈছে।পশুপালন আৰু পশুক চিকিৎসা সঞ্চালকালয়ৰ অধীনত ২০০ টা পশু চিকিৎসা ক্ষেত্ৰ সহায়ক (VFA) আৰু ইয়াৰ আনুষংগিক পদৰ  বাবে এই নিযুক্তি অধিসূচনা প্ৰকাশ কৰিছে।

২০০টা পদৰ বাবে মুকলি কৰা হৈছে বিজ্ঞাপন। ৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া।ভেটেৰিনেৰি ফিল্ড এছিছটেন্টৰ ২০০টা পদৰ বাবে ওলাইছে চাকৰি। ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালত ৰাজ্যত ২ লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য লোৱা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত মুকলি কৰা হৈছে এই বিজ্ঞাপন। জীৱবিজ্ঞান বিষয়ৰ সৈতে উচ্চতৰ মাধ্যমিক(বিজ্ঞান শাখা)ত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ২০২৬ চনৰ ২৩ ছেপ্টেম্বৰ।

প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। প্ৰমাণ হিচাপে পৰীক্ষাৰ্থীসকলে বৈধ স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰৰ প্ৰতিলিপি আপলোড কৰিব লাগিব।প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ কম আৰু ৪০ বছৰৰ অধিক হব নালাগিব ৷  

লগতে পঢ়ক: ‘গুৱাহাটী-দিল্লীৰ মাজত ফৰলেনিং হ’ব ৰে’লপথ’; মুখ্যমন্ত্ৰী



Source link

Leave A Reply

Your email address will not be published.