মন্ত্ৰী ডাঃ ৰণোজ পেগুক সাক্ষাৎ মিচিং দৃৰবৃ কেবাঙৰ
মিচিং কৃষ্টি-সংস্কৃতিৰ বাবে সহায় কৰাৰ আশ্বাস
মন্ত্ৰী ডাঃ ৰণোজ পেগুক সাক্ষাৎ মিচিং দৃৰবৃ কেবাঙৰ
এ.বি.কে.কে. ৪ জুলাই, দিছপুৰ :- জনতা ভৱনত মিচিং জনজাতিৰ সাংস্কৃতিক সংগঠন “মিচিং দৃৰবৃ কেবাঙ”ৰ এক প্ৰতিনিধিবৰ্গই সাক্ষাৎ কৰে অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুক।
মিচিং দৃৰবৃ কেবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলেৰ নেতৃত্বত অহা
প্ৰতিনিধি দলে মিচিং জনগোষ্ঠীৰ ভাষা-সাহিত্য, ঐতিহ্য-সংস্কৃতি আদিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। প্ৰতিনিধিসকলে উত্থাপন কৰা বিষয়সমূহ যথাযথভাৱে পৰ্যালোচনা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদান মন্ত্ৰী পেগুৰ। মন্ত্ৰী পেগুক সৌজন্যমূলক সাক্ষাৎকালত মিচিং সাংস্কৃতিক সন্থাৰ উপদেষ্টাদ্বয় ড° পৱিত্ৰ কুমাৰ পেগু, সূৰুয কুমাৰ পাতিৰি মিলি, উপ-সভাপতি হৰিপ্ৰসাদ মিলি, সাধাৰণ সম্পাদক প্ৰশান্ত কুমাৰ বৰি, ভৰত মিলি ইত্যাদিয়েও উপস্থিত আছিল।

