Voice of Eastern India

‘মই সকলো কৰি দিব পাৰিম কিন্তু…’; উচুপি উঠিল মুখ্যমন্ত্ৰী


১৯ জুলাইৰ সেই বিভীষিকাময় নিশা মৰমৰ কুকুৰটোৰ বচাবলৈ গৈ উটি গৈছিল ১৩ বছৰীয়া ৰিদিপ। পুত্ৰৰ শোকত দুৰ্ভগীয়া ৰিদিপৰ মাতৃয়ে মুখ্যমন্ত্ৰীৰ আগত অৱগত কৰি উচুপি উঠে।

বুধবাৰে বানাক্ৰান্তৰ দুখ-দুৰ্দশাৰ খবৰ ল’বলৈ আশ্ৰয় শিবিৰত উপস্থিত হয়  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মৰমৰ কুকুৰটোক ৰক্ষা কৰিবলৈ গৈ বানত উটি যোৱা পুত্ৰক হেৰুৱাই উচুপি উঠিল দুৰ্ভগীয়া মাতৃ। মুখ্যমন্ত্ৰী গৰাকীক সাৱতি উচুপি উঠিল ১৩ বছৰীয়া ৰিদিপৰ অসহায় মাতৃ। মাতৃৰ সন্মুখতেই ১৯ জুলাইৰ সেই বিভীষিকাৰ নিশা উটি গৈছিল পুত্ৰ ৰিদিপ। বন্যাৰ্তৰ দুখত মুখ্যমন্ত্ৰীৰো সেমেকি উঠিল দুচকু।

চকুলো নিগৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস প্ৰদান কৰিলে দুৰ্ভগীয়া পৰিয়ালটিক। মুখ্যমন্ত্ৰী গৰাকীয়ে ৰিদিপৰ অসহায় মাতৃক আশ্বাস দি কয় যে, মই সকলো কৰি দিব পাৰিম, কিন্তু আপোনাৰ পুত্ৰক ঘূৰাই দিব নোৱাৰিম।

লগতে পঢ়ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ; হোৰাহোৰে সোমাইছে পানী



Source link

Leave A Reply

Your email address will not be published.