Voice of Eastern India

বানপীড়িতক কেন্দ্ৰৰ সমৰ্থনৰ আশ্বাস জে পি নাড্ডাৰ…


বুধবাৰে নেপালীখুঁটিত উপস্থিত হৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই বন্যাৰ্তক সম্পূৰ্ণ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি পূৰ্ণ আশ্বাস দিয়ে।

বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে. পি. নাড্ডাই অসমৰ বানপীড়িত অঞ্চলসমূহত সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰৰ পৰা সম্পূৰ্ণ সমৰ্থনৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে সাহাৰ্যৰ “কোনো অভাৱ” হ’বলৈ দিয়া নহ’ব।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নাড্ডাই শিৱসাগৰ জিলাৰ বানপীড়িত বিহুবৰ আৰু নেপালী খুঁটি অঞ্চল পৰিদৰ্শন কৰে আৰু ভয়াৱহ বানে ক্ষতিগ্ৰস্ত কৰা পৰিয়ালসমূহৰ সৈতে মতবিনিময় কৰে।

পৰিদৰ্শনৰ সময়ত স্থানীয় ৰাইজৰ সৈতে কথা পাতি নাড্ডাই কয় যে কেন্দ্ৰই অসমক সম্পূৰ্ণ আৰ্থিক সাহায্য প্ৰদান কৰিছে আৰু বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ মূল্যাংকন কৰিবলৈ কেন্দ্ৰীয় দলসমূহে ইতিমধ্যে কাম কৰি আছে।

“ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ মই হিমন্ত বিশ্ব শৰ্মা আৰু আপোনালোক সকলোকে আশ্বাস দিছো যে সাহায্যৰ কোনো অভাৱ হ’বলৈ দিয়া নহ’ব। ৰাজ্যখনক সম্পূৰ্ণ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে” বুলিও নাড্ডাই কয়।

তেওঁ লগতে কয় “কেন্দ্ৰীয় দলসমূহে ইয়াত ক্ষয়-ক্ষতিৰ পৰিমাণ মূল্যাংকন কৰি আছে। আমি পুনৰ সংস্থাপনৰ প্ৰচেষ্টাত সম্পূৰ্ণৰূপে নিয়োজিত হৈ আছো।কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো সহায় পাব বুলি আপোনালোকক মই আশ্বাস দিছো। এই দুখৰ সময়ত কেন্দ্ৰীয় চৰকাৰ অসমৰ ৰাইজৰ লগত আছে।”

বিহুবৰ আৰু নেপালী খুঁটি শিৱসাগৰ জিলাৰ অন্যতম অতি প্ৰভাৱিত অঞ্চল, য’ত সম্প্ৰতি অহা বানে ঘৰ-দুৱাৰ, কৃষিভূমি, পশুধন আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰিছে। কেইবাটাও পৰিয়াল নিজৰ ঘৰ-দুৱাৰ এৰি সাহায্য শিবিৰ বা ওখ ঠাইত নিৰ্মাণ কৰা অস্থায়ী আশ্ৰয়স্থলত আশ্ৰয় ল’বলৈ বাধ্য হৈছে।

পৰিদৰ্শনৰ সময়ত নাড্ডা আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে বানপীড়িত লোকসকলৰ সৈতে মতবিনিময় কৰে আৰু বানে ঘৰ-দুৱাৰ, ঘৰুৱা সামগ্ৰী আৰু জীৱিকাৰ উৎস হেৰুওৱা পৰিয়ালসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বুজ লয়।

অসম চৰকাৰে শিৱসাগৰ আৰু অন্যান্য বানপীড়িত জিলাসমূহত সাহায্য বিতৰণ আৰু ক্ষতিৰ মূল্যায়ন অব্যাহত ৰখাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পৰিদৰ্শন কৰিছে।

লগতে পঢ়ক: নেপালীখুঁটিত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা; ট্ৰেক্টৰত উঠি বুজ ললে পৰিস্থিতিৰ



Source link

Leave A Reply

Your email address will not be published.