Voice of Eastern India

প্ৰচণ্ড গৰমত সলনি বিদ্যালয়ৰ পাঠদানৰ সময়!


প্ৰচণ্ড গৰমত লক্ষীমপুৰত সলনি বিদ্যালয়ৰ সময়! পুৱা ৭ বজাতে আৰম্ভ হ’ব ক্লাছ

গৰমৰ প্ৰকোপত ছাত্ৰ-ছাত্ৰীৰ বাবে ডাঙৰ সিদ্ধান্ত লক্ষীমপুৰ জিলা শিক্ষা বিভাগৰ। দিনৰ চৰম উত্তাপৰ পৰা কণ-কণ ছাত্ৰ-ছাত্ৰীক সুৰক্ষিত ৰাখিবলৈ জিলাখনত বিদ্যালয়ৰ সময়সূচী আগুৱাই সলনি কৰা হৈছে।

নতুন নিয়ম অনুসৰি, সোমবাৰৰ পৰা পুৱা ৭ বজাতে নিম্ন প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ সকলো বিদ্যালয়ৰ নিয়মীয়া পাঠদান আৰম্ভ হ’ব। এই সময়সূচী পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব।

জিলা শিক্ষা কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি, নিম্ন প্ৰাথমিকৰ ক্লাছ পুৱা ১১ বজাত আৰু উচ্চ প্ৰাথমিকৰ ক্লাছ ১১:৩০ বজাত সামৰণি পৰিব।

আনহাতে, হাইস্কুল, উচ্চতৰ মাধ্যমিক আৰু জ্যেষ্ঠ উচ্চতৰ মাধ্যমিকৰ ক্লাছ দুপৰীয়া ১২ বজালৈ চলিব।

এই নতুন সময়সূচী লক্ষীমপুৰ জিলাৰ সকলো চৰকাৰী, প্ৰাদেশিকীকৃত আৰু ব্যক্তিগত বিদ্যালয়ত প্ৰযোজ্য হ’ব।

শিক্ষা বিভাগৰ মতে, ক্ৰমাৎ বৃদ্ধি পোৱা গৰমৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য আৰু সুৰক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ দি এই সিদ্ধান্ত লোৱা হৈছে।

অৰ্থাৎ, দিনৰ প্ৰচণ্ড গৰম আৰম্ভ হোৱাৰ আগতেই অধিকাংশ পাঠদান সম্পূৰ্ণ কৰি ছাত্ৰ-ছাত্ৰীসকলে ঘৰলৈ উভতিব পাৰিব।

লগতে পঢ়ক : বহুবিবাহৰ পৰা ছেমিকণ্ডাক্টৰলৈ…; মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা



Source link

Leave A Reply

Your email address will not be published.