Voice of Eastern India

নীতি আয়োগৰ নতুন উপাধ্যক্ষক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ


বিশিষ্ট অৰ্থনীতিবিদ তথা ৰাজহুৱা নীতি বিশেষজ্ঞ ড° অশোক লাহিড়ীক নীতি আয়োগৰ নতুন উপাধ্যক্ষ হিচাপে শেহতীয়াকৈ লাভ কৰা নিযুক্তিৰ বাবে আন্তৰিক অভিনন্দন হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বিশিষ্ট অৰ্থনীতিবিদ তথা ৰাজহুৱা নীতি বিশেষজ্ঞ ড° অশোক লাহিড়ীক নীতি আয়োগৰ নতুন উপাধ্যক্ষ হিচাপে শেহতীয়াকৈ লাভ কৰা নিযুক্তিৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । ইয়াৰ লগতে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ এই ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণকাৰী চিন্তাগোট টোৰ সৈতে অসমৰ অংশীদাৰিত্ব আগন্তুক দিনত অধিক শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প প্ৰকাশ কৰে ।

ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত ড° লাহিড়ীৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকৰ সবিশেষ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে নতুনকৈ নিযুক্ত উপাধ্যক্ষগৰাকীয়ে ৰাজহুৱা নীতি আৰু বিত্তৰ ক্ষেত্ৰত এক ব্যাপক অভিজ্ঞতা কঢ়িয়াই আনিছে । তেওঁ আশা প্ৰকাশ কৰে যে ড° লাহিড়ীৰ এই সুদীৰ্ঘ অভিজ্ঞতাই নীতি আয়োগৰ সামগ্ৰিক নীতি নিৰ্ধাৰণ আৰু দেশৰ সংস্কাৰ কাৰ্যসূচীক এক নতুন গতি প্ৰদান কৰিব ।

ৰাজ্যৰ উন্নয়ন আৰু সংস্কাৰত গুৰুত্ব-

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসম চৰকাৰে বিভিন্ন উন্নয়নমূলক নীতি আৰু সংস্কাৰসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ স্বাৰ্থত নীতি আয়োগৰ সৈতে নিজৰ সম্পৰ্ক অধিক গভীৰ কৰিবলৈ বিশেষভাৱে আগ্ৰহী । বৈঠকৰ অন্তত সামাজিক মাধ্যম এক্স (X)-ত কৰা এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয় :

“আমাৰ ৰাইজৰ জীৱন ধাৰণৰ মানদণ্ড সুগম (Ease of Living) কৰিব পৰা সংস্কাৰ আৰু নীতিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে নীতি আয়োগৰ সৈতে অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ লক্ষ্য স্থিৰ কৰিছে ।”

প্ৰশাসনিক সংস্কাৰ আৰু কেন্দ্ৰীয় সহযোগিতা-

বৰ্তমান সময়ত কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহৰ সক্ৰিয় সহযোগিতাত অসমে শাসন ব্যৱস্থাৰ সংস্কাৰ, আন্তঃগাঁথনিৰ অভূতপূৰ্ব উন্নয়ন আৰু ব্যাপক কল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰি থকাৰ সময়তে এই মতবিনিময় অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলেও বিশ্বাস কৰে যে নীতি আয়োগৰ সৈতে এনে ঘনিষ্ঠ সহযোগিতাই ৰাজ্যখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডৰ নীতি ৰূপায়ণ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ লগতে ইয়াৰ ফলাফল বহুখিনি বৃদ্ধি কৰিব ।

ড° অশোক লাহিড়ীৰ বৰ্ণিল কেৰিয়াৰ-

উল্লেখ্য যে, দিল্লী স্কুল অব্ ইক’নমিক্স আৰু প্ৰেচিডেন্সী ইউনিভাৰ্চিটিৰ প্ৰাক্তন ছাত্ৰ ড° অশোক লাহিড়ী হৈছে চাৰি দশকৰো অধিক সময়জোৰা কেৰিয়াৰেৰে ভাৰতৰ অন্যতম অভিজ্ঞ আৰু শীৰ্ষস্থানীয় অৰ্থনীতিবিদ । তেওঁ ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা, বিত্ত আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও এছিয়ান ডেভেলপমেণ্ট বেংক (ADB), বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা পুঁজি (IMF) ৰ দৰে আন্তৰ্জাতিক বৃত্তীয় প্ৰতিষ্ঠানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

লগতে পঢ়ক : দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু পিয়ুষ গোৱেলক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ





Source link

Leave A Reply

Your email address will not be published.