Voice of Eastern India

নতুন ৰূপত জিলিকি উঠিব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান


অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিত উদ্যানক ন-ৰূপ দিবলৈ উঠি-পৰি লাগিছে ৰাজ্য চৰকাৰ । শনিবাৰে চিৰিয়াখানাৰ নিৰ্মীয়মান প্ৰকল্পথলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ।

গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাক বন্যপ্ৰাণীৰ বাবে অধিক অনুকূল আৰু দৰ্শনাৰ্থীৰ বাবে অধিক আকৰ্ষণীয় ৰূপত সজাই তুলিবলৈ বিশেষ পদক্ষেপ হাতত লৈছে অসম ৰাজ্য চৰকাৰে । দেশৰ আন আন আগশাৰীৰ চিৰিয়াখানাসমূহৰ আৰ্হি অনুসৰণ কৰি আৰু প্ৰাকৃতিক পৰিৱেশৰ সৈতে সামঞ্জস্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ।

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিত উদ্যানৰ আধুনিকীকৰণৰ কাম পৰিদৰ্শন কৰে । ইতিমধ্যে এই অভিলাষী প্ৰকল্পৰ এক চতুৰ্থাংশ কাম সম্পূৰ্ণ হোৱা বুলি সামাজিক মাধ্যমযোগে জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।  

পৰিদৰ্শন কালত প্ৰকল্পটোৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপৰ অধীনত চিৰিয়াখানাৰ কেইবাটাও প্ৰধান অংশ বিকশিত কৰা হৈছে বুলি জানিবলৈ দিয়ে । ইয়াৰ ভিতৰত এখন আধুনিক পশু চিকিৎসা কেন্দ্ৰ, এটা উৎসৰ্গিত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ, বিশ্বৰ সৰ্ববৃহৎ পক্ষীশালা (aviary) আৰু জীৱ-জন্তুৰ বাবে নতুন বেষ্টনী আছে বুলি জানিবলৈ দিয়ে তেওঁ ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি বিগত বৰ্ষত এই আধুনিকীকৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু ই উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে । ইতিমধ্যে এই প্ৰকল্পৰ প্ৰায় ২৭ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

এই পদক্ষেপক ৰাজ্য চৰকাৰৰ এক অন্যতম গুৰুত্বপূৰ্ণ প্ৰকল্প হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ উদ্দেশ্য হৈছে অসম ৰাজ্যিক চিৰিয়াখানাক এক আধুনিক, বন্যপ্ৰাণী-কেন্দ্ৰিক চিৰিয়াখানা পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰা, যিয়ে জীৱ-জন্তুৰ যত্ন, সংৰক্ষণ আৰু দৰ্শনাৰ্থীৰ অভিজ্ঞতাৰ সমসাময়িক মানদণ্ড পূৰণ কৰিব পাৰে ।

ইয়াৰ উপৰিও তেওঁ প্ৰকল্পটোৰ সৈতে জড়িত বিষয়াসকলক ভাৰতৰ কিছুমান বৃহত্তম আৰু আটাইতকৈ উন্নত চিৰিয়াখানাৰ কাৰ্যপ্ৰণালী অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মতে, দেশৰ অগ্ৰণী চিৰিয়াখানাসমূহে গ্ৰহণ কৰা উৎকৃষ্ট পদ্ধতিসমূহৰ অভিজ্ঞতাই অসম ৰাজ্যিক চিৰিয়াখানাক এক বিশ্বমানৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাত সহায় কৰিব ।

লগতে পঢ়ক : ন-ৰূপত উজ্জীৱিত হ’ব ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ; চৰকাৰৰ বিশেষ পৰিকল্পনা





Source link

Leave A Reply

Your email address will not be published.