Voice of Eastern India

টিএমপিকেৰ জোনাই অধিৱেশন ২০২৬ আৰম্ভ

মিচিং বানে কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াৰ অংশগ্ৰহণ

 

 

TMPK’S 17th Trinial General Conference 2026

ABKK-Kamarupa, Jonai 10 July :- ৯ জুলাইৰ পৰা ১২ জুলাই, ২০২৬ তাৰিখলৈ জোনাইৰ মুৰ্কংচেলেকস্থিত মিচিং কৃষ্টি ভৱনত টাকাম মিচিং পৰিণ কৗবাঙ (TMPK) ৰ সপ্তদশ ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ। অধিৱেশনৰ প্ৰথম দিনাৰ প্ৰতিনিধি সভাৰ শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্য্যবাহী সদস্য তথা মিচিং বানৌ কৗবাঙ (MBK) ৰ সভাপতি শ্ৰীযুত পৰমানন্দ চায়েঙীয়াই। চিয়েঙীয়াই সংগঠনটোৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ সাংগঠনিক নীতি-কাৰ্যসূচীৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। একে সময়তে প্ৰতিনিধি শিবিৰ–১ আৰু ২ ক্ৰমে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাজেশ্বৰ পেগু আৰু জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগুদ্বয়ে শুভ উদ্বোধন কৰে। আনহাতে, প্ৰতিনিধি সভাকক্ষৰ শুভ উদ্বোধন কৰে জোনাইৰ সন্মানীয় সহ-জিলাৰ আয়ুক্ত তথা চক্ৰ বিষয়াই । উক্ত কাৰ্যসূচীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিষয় বৱীয়া লগতে মিচিং জাতীয় সংগঠন MBK, MMK, MAK, MDK, TMMK আৰু TMPK ৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক বিষয়ববীয়া, প্ৰতিনিধিবৰ্গ আৰু বহু শুভাকাঙ্ক্ষী ৰাইজৰ ব্যাপক উপস্থিতিয়ে সভাখনৰ সৌন্দৰ্য আৰু গাম্ভীৰ্য অধিক বৃদ্ধি কৰে বুলি টিএমপিকেৰ সভাপতি তিলক দলে আৰু সাধাৰণ সম্পাদক চান দঞি পাংগিঙে সদৰী কৰিছে।

Leave A Reply

Your email address will not be published.