লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত হাহাকাৰ। জাগীৰোড, মৰিগাঁও সমষ্টিত খহিছে কংগ্ৰেছৰ ভেঁটি।
লোকসভা উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত হাহাকাৰ । জাগীৰোড, মৰিগাঁও সমষ্টিত হোৰাহোৰে খহিছে কংগ্ৰেছৰ ভেঁটি । একেদিনাই দুই জিলাৰ বহু নেতাই ত্যাগ কৰিলে কংগ্ৰেছ দল। শনিবাৰে এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে বহু কেইটা অভিযোগ উত্থাপন কৰি দলৰ পৰা সমূহীয়া পদত্যাগ কৰে তেওঁলোকে (Morigaon Congress)।
পদত্যাগ কৰা সকলৰ ভিতৰত আছে- মৰিগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চামচুদ্দিন আহমেদে, মায়ং ব্লক কংগ্ৰেছৰ সভাপতি দীপক মেধি, ভূৰবন্ধা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰবীন শইকীয়া, জাগীৰোড যুৱ কংগ্ৰেছৰ সভাপতি হেমন্ত ইংতি, জাগীৰোড ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীয়াবুৰ ৰহমান, কোষাধ্যক্ষ বিকাশ বৰা, মায়ং ব্লক কংগ্ৰেছৰ সম্পাদক চাহজাহান আলী (Jagiroad Congress) ।
সংবাদমেলত পদত্যাগী আটাইকেইজন নেতাই সৰ্বভাৰতীয় পৰ্যায়ৰ লগতে অসমতো কংগ্ৰেছ দলত নেতৃত্বৰ অভাৱ হৈছে বুলি অভিযোগ কৰে। নেতৃত্ব দুৰ্বল হোৱাৰ বাবে ‘জীয়াতু ভুগিবলগা হৈছে’ বুলিও উল্লেখ কৰে তেওঁলোকে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেইজনমান নেতা আৰু AICC-ৰ কেইজগৰাকীমান নেতা লগ হৈ মৰিগাঁও জিলা কংগ্ৰেছৰ ৰাজহাড় ভাঙি দিছে অভিযোগ কৰে তেওঁলোকে। ব্যক্তিগতভাৱে কাৰো ওচৰত কোনো আক্ষেপ নাই বুলি উল্লেখ কৰি তেওঁলোকে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কৰ্মীসকলৰ মৰ্মবেদনা বা মনৰ কথাত ওলপো গুৰুত্ব দিব নোখোজে বুলি অভিযোগ কৰে। সেয়েহে মনৰ ক্ষোভত আটাইকেইজনে দল ত্যাগ কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে ।
লগতে পঢ়ক: কংগ্ৰেছক ‘নতুন মুছলীম লীগ’ আখ্যা নীতিন নবীনৰ
