এই ঘটনাৰ উচিত বিচাৰ হ’বঃ মাধুৰ্য্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ মন্তব্য নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা
আজি নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা মৃত ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হয়
নলবাৰীৰ গংগাপুৰত সংঘটিত হোৱা নৃশংস আক্ৰমণৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ মাজতে, আজি নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা মৃত ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হয় । শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি বিধায়কগৰাকীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে ।
এই পৰিদৰ্শনকালত নলবাৰীৰ বিধায়কগৰাকীৰ সৈতে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকায়ো সংগ দিয়ে । দুই জনপ্রতিনিধিয়ে শোকাহত পৰিয়ালটোৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ দুখৰ সমভাগী হয় আৰু এই কঠিন সময়ছোৱাত চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ সম্পূৰ্ণ আশ্বাস প্ৰদান কৰে ।
ৰাজ্য জোকাৰি যোৱা ঘটনা, ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি-
মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ সাংবাদিকৰ সৈতে হোৱা মুখামুখিত জয়ন্ত মল্ল বৰুৱাই কয় যে এই ঘটনাই সমগ্ৰ অসমবাসীক গভীৰভাৱে জোকাৰি গৈছে । ঘটনাৰ উচিত তদন্ত আৰু ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ দৃঢ়তাৰে দোহাৰে ।
“লাভ জিহাদ”ৰ প্ৰসংগ আৰু কঠোৰ সকীয়নি-
গোচৰটোৰ সৈতে জড়িত বিভিন্ন অভিযোগ সন্দৰ্ভত মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে একাংশই “লাভ জিহাদ” বুলি অভিহিত কৰা এনেধৰণৰ ঘটনা অলপতে ৰাজ্যখনত বৃদ্ধি পাবলৈ ধৰিছে । এই প্ৰৱণতাক “অত্যন্ত দুখজনক” আৰু চিন্তনীয় বুলি আখ্যা দি তেওঁ কয় যে এনে জঘন্য অপৰাধত লিপ্ত থকা যিকোনো দোষীৰ বিৰুদ্ধে চৰকাৰে কঠোৰতকৈ কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব ।
মন্ত্ৰী বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে চৰকাৰৰ তৰফৰ পৰা স্বৰ্গীয় মাধুৰ্য বৰ্মনৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব । মুখ্যমন্ত্রীয়ে নিজেই অতি সোনকালে মাধুৰ্য বৰ্মনৰ বাসগৃহ পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে তেওঁ সদৰী কৰে ।
উল্লেখ্য যে, গংগাপুৰৰ এই ভয়ংকৰ আক্ৰমণৰ ঘটনাত ছাত্ৰ নেতা মাধুৰ্য বৰ্মনে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু গণ-বিক্ষোভৰ সৃষ্টি কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ন্যায়ৰ দাবীত চৌদিশে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে ।
লগতে পঢ়ক : ৰৌজ আলীৰ জানাজাত ভাগ নলয় গাঁওবাসীয়ে, ৰাজহুৱা কবৰস্থানতো কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত
