আগম মিগাং টাবু ৰাম টাইদৰ সৃষ্টিৰাজি অনুপম- মন্ত্ৰী ডাঃ ৰণোজ পেগু
টাবু টাইদ স্মৃতি বঁটা প্ৰদান কটন বিশ্ববিদ্যালয়ত
Prof Tabu Ram Taid remembered in Cotton University
ABKK Kamarupa, Guwahati, 1st August 2026: বিশিষ্ট সাহিত্যিক, ভাষাবিদ, গৱেষক তথা শিক্ষাবিদ অধ্যাপক টাবুৰাম টাইদ দেৱৰ ৮৪ সংখ্যক জন্মদিৱস উপলক্ষে আয়োজিত “অধ্যাপক টাবুৰাম টাইদ সোঁৱৰণী সাহিত্য বঁটা–২০২৬” বিতৰণ অনুষ্ঠান ১ আগষ্টত Cotton University-ৰ KBR Hall ত সফলতাৰে অনুষ্ঠিত হয়।
অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উপস্থিত থাকে আৰু অধ্যাপক টাবুৰাম টাইদ সাহিত্য বঁটা–২০২৬-ৰ বাবে মনোনীত সকলো সন্মানীয় সাহিত্যিকলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। অধ্যাপক টাবুৰাম টাইদ সোঁৱৰণী সাহিত্য বঁটা-২০২৬ অনুষ্ঠানত অধ্যাপক টাবুৰাম টাইদ সাহিত্য বঁটা-২০২৬
খাচী আৰু ইংৰাজী ভাষাৰ বিশিষ্ট লেখক, কবি-উপন্যাসিক, শ্বিলংস্থিত উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয় (NEHU) ৰ অধ্যাপক Kynpham Sing Nongkynrih লৈ তেখেতৰ Funeral Nights নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।
আনহাতে উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা-২০২৬ যশস্বী সাহিত্যিক, শিক্ষাবিদ, সম্পাদক, সাংবাদিক, সাহিত্য অকাডেমী বঁটা প্রাপক অনুৰাধা শৰ্মা পূজাৰীলৈ তেখেতৰ মেৰেং নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।

ঠিক তেনেদৰে অধ্যাপক টাবুৰাম টাইদ সাহিত্য বঁটা-২০২৬ মিচিং ভাষাৰ একনিষ্ঠ সেৱক, বিশিষ্ট লেখক, মিচিং আগম কেবাঙৰ প্রাক্তন সাধাৰণ সম্পাদক বৰ্তমানৰ উপ-সভাপতি অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ কালিনাথ পাংগিঙলৈ তেখেতৰ মিচিং ভাষা ক্ষেত্রলৈ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।
লগতে অধ্যাপক টাবুৰাম টাইদ সাহিত্য বঁটা-২০২৬
ঐতিহাসিক অল আসাম মিৰি হায়াৰ চেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন অধ্যক্ষ, মিচিং ভাষাৰ বিশিষ্ট লেখক তথা বহুতো সাংস্কৃতিক কৰ্মৰাজিৰে মিচিং সংস্কৃতিলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা ইন্দ্ৰেশ্বৰ পেগুলৈ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ গীতাঞ্জলী কাব্যগ্রন্থখনি মিচিং ভাষালৈ অনুবাদ কৰাৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে। বঁটা প্ৰদান অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবি সাহিত্যিক, সংগীতজ্ঞ, সাংবাদিক, সম্পাদক, ৰাজনীতিবিদ, শিল্পী আৰু বিভিন্ন দল-সংগঠনৰ বিষয়-ববীয়াই অংশগ্ৰহণ কৰা দেখা গ’ল।



