Voice of Eastern India

আকৌ দিছে বৰষুণ, মহানগৰীত হাহাকাৰ পৰিস্থিতি!


দেওবাৰে হোৱা ধাৰাষাৰ বৰষুণত মহানগৰীৰ জনজীৱন বিপৰ্যস্ত হৈ পৰা পিছতে সোমবাৰৰ দিনটোতো গুৱাহাটীত দেখা গৈছে হাহাকাৰ পৰিস্থিতি

ৰাজ্যজুৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীসহ সমগ্ৰ অসমতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ আগতীয়া এলাৰ্টৰ পিছতেই আৰম্ভ হোৱা ধাৰাবাহিক বৰষুণৰ বাবে দিনৰ ভাগতে সমগ্ৰ মহানগৰী অন্ধকাৰচ্ছন্ন হৈ পৰে । এই প্ৰচণ্ড বৰষুণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ তাণ্ডৱত সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে স্বাভাৱিক জনজীৱন ।

ইফালে সোমাবাৰেও পুৱাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীত কিছু পৰিমাণে ব্যাহত হৈ পৰিছে যাতায়ত । ইতমধ্যে এই বৰষুণৰ ফলত হাতীগাঁৱকে ধৰি কেইবাটাও অঞ্চল কৃত্ৰিম বানত প্লাবিত হোৱা পৰিলক্ষিত হৈছে ।

যোৰাবাট আৰু খানাপাৰাত তীব্ৰ যান-জঁট, আবদ্ধ শ শ বাহন

দেওবাৰে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ জলমগ্ন হৈ পৰে । বিশেষকৈ যোৰাবাটত হোৱা ভয়ংকৰ কৃত্ৰিম বানৰ ফলত উজনি-নামনি যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে । বৰ্তমানেও যাতায়ত ব্যৱস্থা কিছু পৰিমাণে ব্যাহত হৈ আছে । কৃত্ৰিম বানৰ বাবে যোৰাবাটত ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে উজনি আৰু নামনিমুৱা শ শ যানবাহন । আনহাতে, খানাপাৰাতো সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ । পথৰ ওপৰত যানবাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে, যাৰ ফলত চৰম দুৰ্ভোগৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ তথা যাত্ৰীসকল ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

পৰিস্থিতিৰ গুৰুত্বলৈ লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ ৰাজ্যতে উজনিৰ পৰা নামনিলৈ হাই এলাৰ্ট জাৰি কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী অনুসৰি আগন্তুক সময়ত বতৰে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে । ৰাজ্যত অহা কেইবাদিনলৈকে এই ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে । বিশেষকৈ নিশালৈ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ আশংকা কৰা হৈছে ।

প্ৰশাসনৰ জৰুৰী আহ্বান: মহানগৰী তথা ৰাজ্যৰ বৰ্তমানৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক অতি প্ৰয়োজন বা জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনোৱা হৈছে । সুৰক্ষিত স্থানত আশ্ৰয় লৈ সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনে সকলোকে অনুৰোধ জনাইছে ।

লগতে পঢ়ক : যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বান, সাগৰসদৃশ পৰিৱেশ



Source link

Leave A Reply

Your email address will not be published.