Voice of Eastern India

Nimisha Thakuria death Case: নিমিষা ঠাকুৰীয়া ঘটনাক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে?


Nimisha Thakuria death Case: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষাৰ মৃত্যুক লৈ হিমন্তৰ মন্তব্য, ‘দোষীক ৰেহাই দিয়া নহ’ব’

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ ঘটনাক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশ পৰীক্ষা কৰি তদন্ত কৰিব আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব (Nimisha Thakuria death Case)।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিমিষাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে মৃত যুৱতীগৰাকী তেওঁৰ সমষ্টিৰ বাসিন্দা আছিল। তেওঁ কয় যে তদন্তকাৰীয়ে নিমিষাই কৰা বিভিন্ন মন্তব্য আৰু ছ’চিয়েল মিডিয়া পোষ্ট পৰীক্ষা কৰাৰ লগতে তেওঁৰ ঘৰলৈ গৈ পৰিয়ালৰ লোকসকলৰ সৈতে কথা পাতিব (CM On Nimisha Thakuria case)।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “যুৱতীগৰাকীৰ মৃত্যুত মই দুঃখিত। তেওঁ মোৰ সমষ্টিৰে ছোৱালী। তদন্তৰ সময়ত ফেচবুক আৰু অন্যান্য স্থানত তেওঁ কৰা সকলো মন্তব্য পৰীক্ষা কৰা হ’ব। তেওঁৰ ঘৰলৈ যোৱা হ’ব, ফোনযোগে যোগাযোগ কৰা হ’ব আৰু তেওঁৰ পিতৃ-মাতৃৰ সৈতে কথা পতা হ’ব। ঘটনাটোৰ অগ্ৰগতিৰ বিষয়েও মই নিজে অৱগত হৈ থাকিম (Gauhati University student death)।”

ঘটনাটোৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত সুৰক্ষা আৰু পাৰিবাৰিক মূল্যবোধৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে।

তেওঁ কয়, “মই ভাবোঁ, আমি সকলোৱে নিজকে কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেই বিষয়ে চিন্তা কৰা উচিত। যুৱতীগৰাকী নাবালিকা নাছিল; তেওঁ প্ৰাপ্তবয়স্ক আছিল। সেয়েহে আমি কেনেদৰে নিজকে পৰিচালনা কৰা উচিত, সেই বিষয়েও ভাবিব লাগিব। আমি যদি আমাৰ মূল্যবোধ আৰু পৰম্পৰাসমূহ মানি চলোঁ, তেন্তে সমাজখন অধিক সুস্থ অৱস্থাত থাকিব।”

মুখ্যমন্ত্ৰী ড০ শৰ্মাই পাৰিবাৰিক মূল্যবোধ আৰু পৰম্পৰাগত ৰীতি-নীতি সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁৰ মতে, এই মূল্যবোধসমূহে পৰিয়ালৰ ভিতৰৰ সংঘাত হ্ৰাস কৰাত সহায় কৰিব পাৰে।

তেওঁ কয়, “সেইবাবেই মই সদায় কওঁ যে আমি আমাৰ পিতৃ-মাতৃ, পাৰিবাৰিক মূল্যবোধ আৰু আমাৰ পৰম্পৰাগত ৰীতি-নীতি তথা সংস্কৃতি সংৰক্ষণ কৰা উচিত। তেনে কৰিলে পৰিয়ালৰ ভিতৰত সংঘাত কম হ’ব। আমি এই ঘটনাটোৰ তদন্ত কৰিম আৰু দোষীক শাস্তি দিয়া হ’ব।”

লগতে পঢ়ক: Nimisha Thakuria death case: নিমিষা ঠাকুৰীয়া কাণ্ডঃ আদালতত হাজিৰ প্ৰেমিক আছিক আলী



Source link

Leave A Reply

Your email address will not be published.