Nagaon Lok Sabha bypoll: চামগুৰিত ৰকিবুল হুছেইনক লৈ উত্তেজনা, ক’লা কাপোৰ দেখুৱাই প্ৰতিবাদ
নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্ৰতিবাদৰ সন্মুখীন হ’ল সাংসদ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন। চামগুৰিৰ খাটোৱাল অঞ্চলত প্ৰতিবাদৰ সন্মুখীন হয় কংগ্ৰেছ সাংসদগৰাকী (Nagaon Lok Sabha bypoll)।
জানিব পৰা মতে ৰকিবুল হুছেইন উত্তৰ খাটোৱালত শিৱামণি বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হোৱাৰ সময়ত একাংশ লোকে ক’লা কাপোৰ প্ৰদৰ্শন কৰি “ৰকিবুল হুছেইন গ’ বেক” আৰু “ৰকিবুল হুছেইন মুৰ্দাবাদ” ধ্বনি দিয়ে (Protest Against Rakibul Hussain)।
প্ৰতিবাদকাৰীসকলে সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তথা কংগ্ৰেছ নেতা তানজিল হুছেইন আৰু দলীয় প্ৰাৰ্থী শিৱামণি বৰাৰ বিৰুদ্ধেও বিভিন্ন শ্লোগান দিয়ে (Rakibul Hussain Samaguri Protest)।
কিছু প্ৰতিবাদকাৰীক “পিতা-পুত্ৰৰ দাদাগিৰি” চামগুৰিত গ্ৰহণ কৰা নহ’ব বুলি শ্লোগান দিয়া শুনা যায়।
নগাঁও লোকসভা উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ মাজতে এই প্ৰতিবাদৰ সন্মুখীন হয় জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী।
উল্লেখ্য যে, পূৰ্বে ৰকিবুল হুছেইনৰ শক্তিশালী ঘাটি হিচাপে পৰিচিত চামগুৰিৰ বিভিন্ন স্থানতো নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ প্ৰতিবাদৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। কিছু স্থানত ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে কংগ্ৰেছবিৰোধী শ্লোগান দিয়াৰ ঘটনাও সংঘটিত হৈছে বুলি বাতৰিত প্ৰকাশ।
লগতে পঢ়ক : Congress Protest Assam: কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰ
