Lovlina Borgohain Asian Games Gold: অসম পালেহি স্বৰ্ণকন্যা লাভলীনা বৰগোঁহাই, বিমান বন্দৰত বিপুল আদৰণি
Lovlina Borgohain Asian Games Gold: স্বৰ্ণজয়ী লাভলীনা গুৱাহাটীত, বিমানবন্দৰত উষ্ম আদৰণি।
এছিয়ান গেমছত দেশৰ হৈ স্বৰ্ণ পদক জয় কৰি মঙলবাৰে গুৱাহাটীত উপস্থিত হ’ল অসমৰ গৌৰৱ লাভলীনা বৰগোঁহাই। বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে অনুৰাগী, ছাত্ৰ নেতা আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে উষ্ম আদৰণি জনায় স্বৰ্ণজয়ী বক্সাৰগৰাকীক (Lovlina Borgohain Asian Games Gold)।
হাজাৰ হাজাৰ লোকে বিশাল সমদলেৰে জনায় আদৰণি তাৰকা বক্সাৰগৰাকীক। লাভলীনা চাবলৈ লোকে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হয় (Lovlina Borgohain at Guwahati)।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত লাভলীনাক আদৰিবলৈ উপস্থিত থাকে মন্ত্ৰী বিশ্বজিত দৈমাৰী। লগতে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন।
লাভলীনাৰ আগমনক লৈ বিমানবন্দৰত বিশেষ আয়োজন কৰা হয়। ঢোলে-দগৰে তেওঁক জন্মভূমিলৈ আদৰণি জনোৱা হয়।

বিমানবন্দৰৰ পৰা লাভলীনাক ৰেলীৰে ধাৰাপুৰলৈ লৈ যোৱা হৈছে। ধাৰাপুৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত তেওঁৰ সন্মানত আয়োজন কৰা হৈছে বিশেষ সম্বৰ্ধনা অনুষ্ঠান।
এই অনুষ্ঠানত BJYMৰ নেতা-কৰ্মীৰ লগতে বিভিন্ন ৰাজনৈতিক দল আৰু সামাজিক সংগঠনৰ প্ৰতিনিধিয়েও অংশ লৈছে।
এছিয়ান গেমছত মহিলাৰ ৭৫ কেজি শাখাত স্বৰ্ণ পদক জয় কৰি লাভলীনাই অসমৰ ক্ৰীড়া জগতলৈ কঢ়িয়াই আনিছে আন এক গৌৰৱ। স্বৰ্ণজয়ী খেলুৱৈগৰাকীক আদৰিবলৈ আজি গুৱাহাটীত দেখা গ’ল উৎসৱমুখৰ পৰিৱেশ।
লগতে পঢ়ক: Harmanpreet Kaur: হঠাৎ কিয় অধিনায়কৰ পদ এৰিলে হৰমনপ্ৰীত কৌৰে
