Voice of Eastern India

Kohinoor Theatre: ইতিহাস হ’ব নেকি কহিনুৰ থিয়েটাৰ? তপন লহকৰৰ পোষ্টক লৈ চৰ্চা


Kohinoor Theatre: অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এটা যুগৰ অৱসান? কহিনুৰক লৈ তপন লহকৰৰ ইংগিত।

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতত অৱসান ঘটিব নেকি এটা সোণালী অধ্যায়ৰ? প্ৰায় ৫০ বছৰ ধৰি দৰ্শকক মনোৰঞ্জন দি অহা কহিনুৰ থিয়েটাৰ বন্ধ হ’ব পাৰে বুলি চলিছে চৰ্চা। দলটোৰ পৰিচালক তপন লহকৰে ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ পিছতে এই জল্পনা-কল্পনাৰ সৃষ্টি হৈছে (Kohinoor Theatre)।

শেহতীয়াকৈ তপন লহকৰে লিখিছে, “Bahut kothai ase… But No More Kohinoor Theatre”। তেওঁৰ এই কথাই কহিনুৰ থিয়েটাৰৰ নাট্যযাত্ৰা ইয়াতেই শেষ হ’ব নেকি, সেই প্ৰশ্নৰ অৱতাৰণা কৰিছে। অৱশ্যে, থিয়েটাৰ দলটো বন্ধ কৰাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হৈছে নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কোনো সবিশেষ প্ৰকাশ কৰা নাই (Kohinoor Theatre closure)।

১৯৭৬ চনত বিশিষ্ট নাট্যশিল্পী ৰতন লহকৰে প্ৰতিষ্ঠা কৰিছিল কহিনুৰ থিয়েটাৰ। পাঠশালাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই নাট্যদলটোৱে সময়ৰ লগে লগে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। বৃহৎ মঞ্চসজ্জা, আকৰ্ষণীয় উপস্থাপন আৰু নতুন নতুন কাৰিকৰী কৌশলৰ ব্যৱহাৰেৰে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল দলটোৱে।

তপন লহকৰৰ ফেচবুক পোষ্ট

২০১৭ চনত ৰতন লহকৰৰ মৃত্যুৰ পিছত পুত্ৰ তপন লহকৰে কহিনুৰ থিয়েটাৰৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁৰ নেতৃত্বত দলটোৱে নাট্যচৰ্চা অব্যাহত ৰাখে। বছৰ বছৰ ধৰি নতুন বিষয়বস্তু আৰু ব্যতিক্ৰমী উপস্থাপনেৰে দৰ্শকক আকৰ্ষণ কৰি আহিছিল কোহিনুৰ থিয়েটাৰে।

কহিনুৰ থিয়েটাৰৰ বিশেষ আকৰ্ষণ আছিল বিশ্বজুৰি জনপ্ৰিয় কাহিনী আৰু ছবিক মঞ্চত তুলি ধৰাৰ প্ৰয়াস। ‘টাইটানিক’ আৰু ‘জুৰাছিক পাৰ্ক’ৰ দৰে ছবিৰ কাহিনী মঞ্চত উপস্থাপন কৰি দলটোৱে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰিসৰ আৰু সম্ভাৱনাক নতুন ৰূপত তুলি ধৰিছিল।

অসমৰ সীমা অতিক্ৰম কৰিও দলটোৱে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। ২০১০ চনত নতুন দিল্লীত নাট প্ৰদৰ্শনৰ বাবে কহিনুৰ থিয়েটাৰক আমন্ত্ৰণ জনাইছিল নেশ্যনেল স্কুল অৱ ড্ৰামাই। ইয়াৰ জৰিয়তে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ স্বকীয় শৈলী ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চালৈ আহিছিল।

সেয়েহে, কহিনুৰ থিয়েটাৰৰ ভৱিষ্যতক লৈ সৃষ্টি হোৱা চৰ্চাই স্বাভাৱিকতে নাট্যপ্ৰেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। তপন লহকৰৰ পোষ্টটোৱে দলটোৰ যাত্ৰাৰ অন্ত পৰাৰ ইংগিত দিছে নে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত পৰিচালকগৰাকীৰ স্পষ্ট বক্তব্যলৈ অপেক্ষা কৰিছে সকলোৱে।

লগতে পঢ়ক: Nana Patekar Death: নিশা ২.৩০ বজাত বন্ধুলৈ মেছেজ, পুৱা চিৰদিনলৈ গুচি গ’ল নানা পাটেকাৰ



Source link

Leave A Reply

Your email address will not be published.