Jorhat crime news: যোৰহাটত ৰাজপথতে প্ৰেমিকাৰ ওপৰত আক্ৰমণ! বেল্ট খুলি প্ৰহাৰৰ অভিযোগ প্ৰেমিকৰ।
ৰাজপথত বেল্ট খুলি প্ৰেমিকাৰ ওপৰত ভয়ংকৰ কাণ্ড প্ৰেমিকৰ। প্ৰেমিকাক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ প্ৰেমিকৰ বিৰুদ্ধে। যোৰহাটত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা (Jorhat crime news)।
যোৰহাটৰ শান্তি আশ্ৰমৰ সমীপত এগৰাকী যুৱতীক তেওঁৰ প্ৰেমিকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় লোকৰ দাবী অনুসৰি, যুৱকজনে বেল্টেৰে যুৱতীগৰাকীক নিষ্ঠুৰভাৱে আক্ৰমণ কৰে (Jorhat assault case)।
ঘটনাটো প্ৰত্যক্ষ কৰা লোকসকলৰ মতে, যুৱকজনে নিজৰ বেল্ট খুলি যুৱতীগৰাকীক সেই বেল্টেৰে প্ৰহাৰ কৰে। শান্তি আশ্ৰমৰ সমীপত সংঘটিত এই ঘটনাই অঞ্চলটোৰ লোকসকলক স্তম্ভিত কৰি তোলাৰ লগতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে (Boyfreind Attack Girlfreind Jorhat)।
কি পৰিস্থিতিত এই আক্ৰমণৰ ঘটনা সংঘটিত হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। যুৱতীগৰাকী বা তেওঁৰ পৰিয়ালে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰিছে নে নাই, সেয়াও জানিব পৰা হোৱা নাই।
এই ঘটনাক লৈ স্থানীয় লোকসকলৰ মাজত উদ্বেগ সৃষ্টি হৈছে। লগতে সম্পৰ্কৰ মাজত মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসাক লৈও পুনৰ প্ৰশ্ন উত্থাপন হৈছে।
ঘটনাটোৰ সৈতে জড়িত লোকৰ পৰিচয় আৰু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই, সেই সন্দৰ্ভত অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।
লগতে পঢ়ক: Nimisha Thakuria death case: নিমিষা ঠাকুৰীয়া কাণ্ডঃ আদালতত হাজিৰ প্ৰেমিক আছিক আলী
