Voice of Eastern India

Horn Free City Assam: হৰ্ণমুক্ত হ’ব অসমৰ এইখন চহৰ! জানুৱাৰীৰ পৰা বলৱৎ হ’ব নতুন ব্যৱস্থা


Horn Free City Assam: নতুন বছৰত নতুন নিয়ম! জানুৱাৰীৰ পৰা কি সলনি হ’ব চহৰখনত?

নতুন বছৰৰ আৰম্ভণিৰ পৰাই কোকৰাঝাৰত বলৱৎ হ’ব এক বিশেষ ব্যৱস্থা। যান-বাহনৰ অনাৱশ্যক হৰ্ণৰ শব্দৰ পৰা চহৰখনক মুক্ত কৰাৰ লক্ষ্যৰে জানুৱাৰী মাহৰ পৰা কোকৰাঝাৰক ‘হৰ্ণমুক্ত চহৰ’ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে। পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লগতে যান-বাহন চলাচল অধিক সুশৃংখল কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে (Horn Free City Assam)।

এই লক্ষ্যৰে ২৭ নৱেম্বৰত কোকৰাঝাৰ জিলা প্ৰশাসনে আয়োজন কৰে এক পথ সুৰক্ষা সজাগতা কাৰ্যসূচী। অনুষ্ঠানৰ অংশ হিচাপে কোকৰাঝাৰ সদৰ আৰক্ষী থানাৰ সন্মুখত লৱৰগী থিয়েটাৰ গ্ৰুপে পৰিৱেশন কৰে এখন বাটৰ নাট। নাটখনৰ জৰিয়তে যান-বাহন চলাচলৰ সময়ত ট্ৰেফিক নিয়ম মানি চলা আৰু পথ সুৰক্ষাৰ প্ৰতি দায়িত্বশীল হোৱাৰ বাৰ্তা প্ৰচাৰ কৰা হয়।

অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয় যে পথ দুৰ্ঘটনা ৰোধ কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ অংশ হিচাপেই জানুৱাৰীৰ পৰা কোকৰাঝাৰক হৰ্ণমুক্ত চহৰ হিচাপে ঘোষণা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

লগতে চহৰখনৰ সকলো বাসিন্দাকে যান-বাহনৰ নিয়ম মানি চলিবলৈ আহ্বান জনাই জিলা আয়ুক্তগৰাকীয়ে।

লগতে পঢ়ক: Garbage collection fees: গুৱাহাটীবাসীৰ বাবে নতুন নিৰিখ! জাৱৰ সংগ্ৰহৰ মাচুল বৃদ্ধি



Source link

Leave A Reply

Your email address will not be published.