Voice of Eastern India

Guwahati News: গুৱাহাটীত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ পাকিস্তানী চোৰাংচোৱা!


Guwahati News: পাকিস্তানী চোৰাংচোৱাৰ সৈতে সম্পৰ্ক! গুৱাহাটীত গ্ৰেপ্তাৰ বিহাৰৰ অভিষেক।

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গুৱাহাটীত এজন বিহাৰৰ লোকক গ্ৰেপ্তাৰ কৰিছে বিশেষ টাস্ক ফ’ৰ্চ-এ। পাকিস্তানী চোৰাংচোৱাক নিৰাপত্তা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ সন্দেহতো তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে (Guwahati News)।

গ্ৰেপ্তাৰ হোৱা লোকজনক অভিষেক কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁ বিহাৰৰ পূব চম্পাৰণ জিলাৰ বাসিন্দা। গুৱাহাটীৰ সাতগাঁও অঞ্চলত ভাড়াতীয়া হিচাপে থকা অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

প্ৰকাশিত তথ্য অনুসৰি, অভিষেক কুমাৰে পাকিস্তানত থকা এগৰাকী চোৰাংচোৱাৰ হৈ কাম কৰাৰ অভিযোগ উঠিছে। তেওঁ নিৰাপত্তা সম্পৰ্কীয় স্পৰ্শকাতৰ তথ্য যোগান ধৰিছিল বুলিও সন্দেহ কৰা হৈছে।

চোৰাংচোৱা সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তেওঁৰ কাৰ্যকলাপ সন্দেহৰ আওতালৈ আহে। ইয়াৰ পিছতে চোৰাংচোৱা তথ্যৰ ভিত্তিত STF-এ অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।

বৰ্তমান তদন্তকাৰী সংস্থাই পাকিস্তানী চোৰাংচোৱাৰ সৈতে অভিষেক কুমাৰৰ সম্পৰ্কৰ বিষয়ে তদন্ত চলাই আছে। তেওঁ কেনেধৰণৰ তথ্য যোগান ধৰিছিল, কাক সেই তথ্য দিছিল আৰু এই কাৰ্যত আন কোনো লোক জড়িত আছিল নেকি, সেই বিষয়েও তদন্ত কৰা হৈছে।

এই ঘটনাৰ সৈতে জড়িত চোৰাংচোৱা নেটৱৰ্ক, যোগান ধৰা তথ্য আৰু আন লোকৰ সম্পৰ্কত তদন্ত আগবঢ়াৰ লগে লগে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: Guwahati Crime News: খানাপাৰাৰ বাৰ কাণ্ডত তিনি মহিলাসহ ৭ গ্ৰেপ্তাৰ



Source link

Leave A Reply

Your email address will not be published.