Voice of Eastern India

Guwahati Hotel Shooting: পোহৰলৈ হোটেল বিলাস ইন কাণ্ডৰ ন-ন তথ্য


Guwahati Hotel Shooting: হোটেল বিলাস ইন লিজত লৈ বিলাসী জীৱন কটাইছিল ঘনকান্তই। কিনি লৈছিল কেমেৰা লগোৱা চশমা।

গুৱাহাটীৰ উলুবাৰীৰ বৰা চাৰ্ভিচস্থিত হোটেল বিলাস ইনত সংঘটিত জঘন্য হত্যাকাণ্ডৰ তদন্তত নতুন দিশ উন্মোচিত হৈছে। আৰক্ষীৰ তদন্তত এইবাৰ বিশেষ গুৰুত্ব লাভ কৰিছে মূল অভিযুক্ত ঘনকান্ত গগৈয়ে ব্যৱহাৰ কৰা মেটাৰ কেমেৰাযুক্ত স্মাৰ্ট চছমাই। এই চছমাত হত্যাকাণ্ডৰ সময়ৰ কোনো দৃশ্য বা শব্দ ৰেকৰ্ড হৈ আছিল নেকি, সেয়া পৰীক্ষা কৰি চাইছে তদন্তকাৰী দলে (Guwahati Hotel Shooting)।

উল্লেখ্য যে, ২৬ অক্টোবৰৰ নিশা প্ৰায় ৯ বজাত সংঘটিত হৈছিল এই ভয়ংকৰ গুলীচালনাৰ ঘটনা। এই ঘটনাত একেটা পৰিয়ালৰ চাৰিজন সদস্য আৰু এজন লোকৰ মৃত্যু হয়। ঘটনাৰ এঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে মূল অভিযুক্ত ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তেওঁৰ জিম্মাৰ পৰা এটা .৩২ কেলিবাৰৰ পিষ্টলো উদ্ধাৰ কৰে আৰক্ষীয়ে (Guwahati Hotel Bilas Inn Firing)।

গুৱাহাটী আৰক্ষীৰ আয়ুক্ত পাৰ্থ সাৰথি মহন্তই স্পষ্ট কৰি দিয়ে যে ঘনকান্ত গগৈ কোনো ভাড়াতীয়া হত্যাকাৰী নহয় আৰু নিহত লোকসকলৰ সৈতেও তেওঁৰ কোনো আত্মীয়তাৰ সম্পৰ্ক নাই। বৰ্তমান আৰক্ষীয়ে অভিযুক্তৰ স্মাৰ্ট চছমাৰ বৈজ্ঞানিক পৰীক্ষা চলাই আছে। ইয়াৰ জৰিয়তে হত্যাকাণ্ডৰ কোনো ভিডিঅ’ বা অডিঅ’ ৰেকৰ্ডিং লাভ কৰিব পাৰি নেকি, সেয়া জানিবলৈ চেষ্টা চলোৱা হৈছে।

প্ৰাথমিক তদন্ত অনুসৰি, হোটেলখনৰ ব্যৱসায়িক লীজৰ ম্যাদ উকলি যোৱাৰ পিছত নতুনকৈ চুক্তি কৰাৰ বিষয়টোক লৈ সৃষ্টি হোৱা বিবাদেই এই শিহঁৰণকাৰী ঘটনাৰ মূল কাৰণ বুলি সন্দেহ কৰা হৈছে। প্ৰায় এবছৰ পূৰ্বে ঘনকান্ত গগৈয়ে হোটেলখন লীজত লৈছিল। কিন্তু লীজৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে চলা আলোচনা ক্ৰমাৎ উত্তপ্ত বাক-বিতণ্ডালৈ পৰিণত হয়।

আনহাতে, আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে অভিযুক্তজনে প্ৰায় এবছৰ ধৰি ভাড়া আদায় দিয়া নাছিল বুলি অভিযোগ উঠিছে। ইয়াৰ লগতে বিদ্যুতৰ বৃহৎ পৰিমাণৰ বিলো অনাদায় হৈ আছিল। এই ঘটনাক কেন্দ্ৰ কৰিয়েই দুয়োপক্ষৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল নেকি, সেই দিশটোও পৰীক্ষা কৰি আছে আৰক্ষীয়ে।

নিহতসকলৰ পৰিচয় চিনাক্ত-

এই ঘটনাত নিহত লোককেইজনৰ পৰিচয়ো নিশ্চিত কৰা হৈছে। তেওঁলোক হৈছে হেলেনা ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি ইশান কাশ্যপ, দেৱৰ্ষিৰ পত্নী ৰিণিকা, হেলেনাৰ ভাতৃ ভূদেৱ ভৰালী আৰু নাৰায়ণ দাস।

এই নৃশংস ঘটনাই পিতৃ-মাতৃ দুয়োকে হেৰুওৱা দুটি কণমানি শিশুক অনাথ কৰি থৈ গ’ল। নিহত দম্পতীটোৰ সাত বছৰীয়া কন্যা আৰু দুবছৰীয়া পুত্ৰই এতিয়া পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে।

গুলীচালনাৰ সময়ত সত্যেন্দ্ৰ পাঠক নামৰ এজন বাণিজ্যিক বাহনৰ চালকো গুৰুতৰভাৱে আহত হয়। বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

আৰক্ষীৰ তথ্য অনুসৰি, গুলীচালনাৰ ঘটনাত মুঠ ছজন লোক গুলীবিদ্ধ হৈছিল। ইয়াৰে পাঁচজনৰ মৃত্যু হয়। বৰ্তমান অভিযুক্তক জেৰা কৰাৰ লগতে ডিজিটেল ফৰেনছিক পৰীক্ষা চলোৱা হৈছে।

লগতে পঢ়ক: Guwahati Ulubari Firing: মহানগৰীৰ গুলীচালনাৰ ঘটনাত মৃত্যু বিলাস ইনৰ স্বত্তাধিকাৰী মাতৃ-পুত্ৰৰ, দুৰ্বৃত্তক গ্ৰেপ্তাৰ



Source link

Leave A Reply

Your email address will not be published.