Voice of Eastern India

Guwahati accident: নৱবিবাহিতা পত্নীৰ সৈতে খানাপাৰালৈ যোৱাৰ সময়তে ঘটিল ভয়ংকৰ ঘটনা


Guwahati accident: পত্নীৰ সৈতে গৈছিল খানাপাৰালৈ, জালুকবাৰীৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নৱবিবাহিত যুৱকৰ

মহানগৰীৰ জালুকবাৰীত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই কৰুণ ঘটনাত ছিপাঝাৰৰ এজন যুৱকে প্ৰাণ হেৰুৱায়। মাত্ৰ ৬ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল বিশ্বজিৎ কলিতা নামৰ যুৱকজন। তেওঁ পল্টন বজাৰৰ বিজুলী ভৱনত শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল (Guwahati accident)।

সোমবাৰে সন্ধিয়া পত্নীৰ সৈতে দুচকীয়া বাহনেৰে খানাপাৰাৰ দিশে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা (Guwahati Jalukbari accident)।

জলুকবাৰীত উপস্থিত হোৱাৰ সময়তে দ্ৰুতগতিত অহা এখন বাহনে তেওঁৰ দুচকীয়া বাহনত খুন্দা মাৰে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা বিশ্বজিতে পিছত মৃত্যুক আঁকোৱালি লয়। নৱবিবাহিতা পত্নীগৰাকী দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে।

বিবাহিত জীৱন আৰম্ভ কৰাৰ মাত্ৰ ৬ মাহৰ পিছতে ভৱিষ্যতৰ সপোন ৰচি থকা বিশ্বজিতৰ এই কৰুণ মৃত্যুৱে তেওঁৰ পৰিয়াল, আত্মীয়-স্বজন আৰু পৰিচিতসকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।

লগতে পঢ়ক: APDCL worker death: অক্টোবৰত আছিল বিয়া… তাৰ পূৰ্বেই বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱকৰ



Source link

Leave A Reply

Your email address will not be published.