Voice of Eastern India

Congress Protest Assam: কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰ


Congress Protest Assam: জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ, উত্তপ্ত দিছপুৰৰ পৰা ডিব্ৰুগড়

সোমবাৰে কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল ৰাজধানী চহৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাটাও প্ৰান্ত। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে (Congress Protest Assam)।

দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত এই প্ৰতিবাদত কংগ্ৰেছ কৰ্মীসকলে জ্ঞানেশ কুমাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰে (Protest Against Gyanesh Kumar Assam)।

হাতত প্লেকাৰ্ড আৰু বেনাৰ লৈ প্ৰতিবাদকাৰীসকলে “Vote chor, gaddi chor” ধ্বনি দিয়ে আৰু জ্ঞানেশ কুমাৰৰ তাৎক্ষণিক পদত্যাগৰ দাবী জনায়।

এই প্ৰতিবাদ কংগ্ৰেছে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে দেশজুৰি আৰম্ভ কৰা আন্দোলনৰ অংশ আছিল (Assam Congress Protest Against CEC)।

নিৰ্বাচন আয়োগৰ কাৰ্যকলাপ আৰু SIRক লৈ সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্কৰ মাজতে কংগ্ৰেছে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনাই আহিছে।

প্ৰতিবাদৰ সময়ত কংগ্ৰেছ কৰ্মী আৰু নিৰাপত্তাৰক্ষীৰ মাজত কিছু সময়ৰ বাবে হতাহতিৰ সৃষ্টি হয় যদিও প্ৰতিবাদস্থলীত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ হোৱা নাই।

মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে প্ৰতিবাদকাৰীসকল যাতে চৌহদৰ বাহিৰলৈ ওলাই যাব নোৱাৰে, তাৰ বাবে বেৰিকেড স্থাপন কৰা হয়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈয়েও কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিয়ে জ্ঞানেশ কুমাৰক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰে।

সোমবাৰে ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টত গৌৰৱ গগৈয়ে অভিযোগ কৰে যে SIR ৰূপায়ণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তেওঁ “BJP-RSS ecosystem” বুলি উল্লেখ কৰা ব্যৱস্থাটোৱে জ্ঞানেশ কুমাৰক সুৰক্ষা দি আছে।

সোমবাৰে অসমৰ আন কেইবাটাও স্থানতো একেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। নলবাৰী, বিশ্বনাথ, ডিব্ৰুগড় আৰু যোৰহাটতো জিলা কংগ্ৰেছ কমিটীয়ে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰে (Dibrugarh Congress Protest)।

লগতে পঢ়ক: Congress protests against CEC: জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাজপথত কংগ্ৰেছ, পদত্যাগৰ দাবী



Source link

Leave A Reply

Your email address will not be published.