Assam Police Reshuffle: অসম আৰক্ষীত ব্যাপক ৰদ-বদল! গুৱাহাটীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত নতুন বিষয়া।
অসম আৰক্ষীৰ প্ৰশাসনিক ক্ষেত্ৰত একাধিক সালসলনি কৰিছে ৰাজ্য চৰকাৰে। এই ৰদ-বদলৰ জৰিয়তে কেইবাগৰাকীও IPS আৰু APS বিষয়াক নতুন পদত নিযুক্তি দিয়াৰ লগতে গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদতো নতুন বিষয়া দায়িত্ব দিয়া হৈছে (Assam Police Reshuffle)।
এই অনুসৰি, মৃণাল ডেকাক গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ কেন্দ্ৰীয় সংমণ্ডলৰ উপ-আৰক্ষী আয়ুক্ত (DCP) হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে তেওঁ দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল। সম্ভাৱী মিশ্ৰৰ স্থানত তেওঁ এই দায়িত্ব গ্ৰহণ কৰিব। সম্ভাৱী মিশ্ৰক কাছাৰ জিলাৰ শিলচৰৰ কাথালস্থিত ষষ্ঠ অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে (Guwahati Central DCP)।
আনহাতে, ষষ্ঠ অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট ড০ প্ৰদীপ শইকীয়াক গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ প্ৰশাসন শাখাৰ সহকাৰী মহাপৰিদৰ্শক (AIGP) হিচাপে নতুন দায়িত্ব দিয়া হৈছে।
গুৱাহাটীৰ কেন্দ্ৰীয় সংমণ্ডলৰ অতিৰিক্ত DCP হিচাপে নিযুক্তি লাভ কৰিছে পৃথ্বীৰাজ ৰাজখোৱাই। ইয়াৰ পূৰ্বে তেওঁ কাছাৰ জিলাৰ লক্ষীপুৰৰ সহ-জিলা আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল। তেওঁ এই পদত ভিকু এল আচুমিৰ স্থান ল’ব। আনহাতে, আচুমিক বৰপেটা জিলাৰ হাউলিস্থিত ২৮সংখ্যক অসম আৰক্ষী বেটেলিয়নৰ ছেকেণ্ড-ইন-কামাণ্ড হিচাপে বদলি কৰা হৈছে।
ইফালে, গুৱাহাটীৰ পাণবজাৰৰ সহকাৰী আৰক্ষী আয়ুক্ত পাৰ্থ প্ৰতিম দুৱৰাক শিৱসাগৰৰ লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ সহকাৰী কামাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে। তেওঁৰ ঠাইত মাণ্ডাকাটাৰ প্ৰথম কমাণ্ডো বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক ঋষভ ফুকনক পাণবজাৰৰ নতুন সহকাৰী আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
