Voice of Eastern India

Assam Agriculture Department: কৃষক পঞ্জীয়নত গাফিলতিৰ অভিযোগ, পাঁচ ADOৰ পিছত এইবাৰ নিলম্বিত জিলা কৃষি বিষয়া


Assam Agriculture Department: কৃষক পঞ্জীয়নত চৰম গাফিলতি, হাইলাকান্দিৰ জিলা কৃষি বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা।

হাইলাকান্দি জিলাত কৃষক পঞ্জীয়নৰ কামত চৰম গাফিলতিৰ অভিযোগত নিলম্বিত হৈছে জিলা কৃষি বিষয়া মনোজ কুমাৰ বৈশ্য। কৃষক পঞ্জীয়নৰ অতি নিম্ন অগ্ৰগতিৰ বাবে কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই অসন্তুষ্টি প্ৰকাশ কৰাৰ পাছতে বিষয়াগৰাকীৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে অসম চৰকাৰে (Assam Agriculture Department)।

কৃষি বিভাগে ৩০ অক্টোবৰত জাৰি কৰা নিৰ্দেশ অনুসৰি, ২৯ অক্টোবৰত কৃষিমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত হাইলাকান্দিৰ Farmer Registry আঁচনিৰ কামৰ অগ্ৰগতি অতি হতাশাজনক বুলি পোহৰলৈ আহে।

জিলা কৃষি বিষয়া হিচাপে দায়িত্ব পালন কৰাৰ লগতে কৃষি সহকাৰী সঞ্চালকৰ দায়িত্বত থকা বৈশ্যক বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱালৈকে নিলম্বিত কৰা হৈছে। অসম সেৱা (অনুশাসন আৰু আপীল) বিধি, ১৯৬৪ৰ ৬(১) নিয়মৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Hailakandi DAO suspended)।

জিলাখনৰ কৃষি বিভাগৰ প্ৰশাসনিক মুৰব্বী হিচাপে কৃষি আঁচনিসমূহৰ ৰূপায়ণ, তদাৰকী আৰু নিৰ্ধাৰিত লক্ষ্য পূৰণৰ দায়িত্ব আছিল বৈশ্যৰ। কিন্তু অধীনস্থ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলৰ কাম-কাজৰ যথাযথ নিৰীক্ষণ আৰু তদাৰকী কৰাত তেওঁ ব্যৰ্থ হোৱা বুলি বিভাগীয় নিৰ্দেশত অভিযোগ কৰা হৈছে।

এই গাফিলতিৰ ফলত কৃষক পৰিচয়-পত্ৰ প্ৰস্তুতৰ কাম যথেষ্ট পিছপৰি ৰোৱাৰ লগতে পঞ্জীয়ন অভিযানৰ গুৰুত্বপূৰ্ণ সময়ত বহু ক্ষেত্ৰ কৰ্মচাৰী অনুপস্থিত থকাৰ অভিযোগো উত্থাপন হৈছে।

উল্লেখ্য, Farmer Registry কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ আঁচনি। ইয়াৰ পূৰ্বে ক্ষেত্ৰ পৰ্যায়ৰ দায়িত্ব পালনত গাফিলতিৰ অভিযোগত হাইলাকান্দিৰ পাঁচজন কৃষি উন্নয়ন বিষয়াকো নিলম্বন কৰা হৈছিল ।

বৃহস্পতিবাৰে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত জিলাখনৰ কৃষক পঞ্জীয়নৰ নিম্ন হাৰ আৰু কৃষি উন্নয়ন বিষয়াসকলে বাধ্যতামূলক ক্ষেত্ৰ পৰিদৰ্শন নকৰাৰ অভিযোগক লৈ কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

লগতে পঢ়ক: Assam Police: অসম আৰক্ষীৰ কেইবাগৰাকীও বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক



Source link

Leave A Reply

Your email address will not be published.