Voice of Eastern India

Arijit Singh in Barpeta Road: বৰপেটা ৰোডৰ হোটেলত হঠাৎ উপস্থিত অৰিজিৎ সিং, থলুৱা খাদ্যৰ জুতি লৈ কৰিলে প্ৰশংসা


Arijit Singh in Barpeta Road: বলীউডৰ তাৰকাৰ অনানুষ্ঠানিক আগমন, শিমলাগুৰিৰ হোটেলত চাহৰ জুতি অৰিজিৎ সিঙৰ।

জনপ্ৰিয় বলীউডৰ কণ্ঠশিল্পী অৰিজিৎ সিঙৰ আকস্মিক আগমনে আজি বৰপেটা ৰোডৰ শিমলাগুৰিৰ সমীপৰ সুবালা হোটেল এণ্ড ৰেষ্টুৰেণ্টত সৃষ্টি কৰে আনন্দময় পৰিৱেশ। হোটেলখনত উপস্থিত হৈ চাহৰ জুতি লোৱাৰ লগতে থলুৱা খাদ্যৰ সোৱাদ লয় শিল্পীগৰাকীয়ে (Arijit Singh in Barpeta Road)।

অৰিজিৎ সিঙৰ আকস্মিক আগমনে হোটেলখনত উপস্থিত থকা লোকসকলক আচৰিত কৰি তোলে। প্ৰিয় শিল্পীগৰাকীক ওচৰৰ পৰা দেখিবলৈ পাই উৎফুল্ল হৈ পৰে স্থানীয় লোক আৰু অনুৰাগীসকল। এই সময়ছোৱাত অনুৰাগীসকলৰ সৈতে মত বিনিময় কৰে কণ্ঠশিল্পীগৰাকীয়ে। তেওঁক উষ্ম আদৰণি জনোৱাৰ লগতে মৰম আৰু সন্মানৰ চিনস্বৰূপে গামোচাও উপহাৰ দিয়ে অনুৰাগীসকলে।

হোটেলখনত থলুৱা খাদ্যৰ জুতি লৈ অৰিজিৎ সিঙে আম-বগৰীৰ মিঠা আচাৰ, তিলৰ চাটনি, দালিৰ বৰা আৰু ঔ টেঙাৰ আঞ্জাৰ সোৱাদৰ ভূয়সী প্ৰশংসা কৰে। পথৰ কাষৰ এখন হোটেলত শিল্পীগৰাকীৰ এই অনানুষ্ঠানিক উপস্থিতিয়ে স্থানীয় লোকসকলৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে।

মধুৰ কণ্ঠ আৰু অসংখ্য জনপ্ৰিয় গীতেৰে দেশজুৰি বিপুল অনুৰাগী অৰ্জন কৰা অৰিজিৎ সিঙৰ এই আগমন স্থানীয় লোক আৰু অনুৰাগীসকলৰ বাবে এক স্মৰণীয় মুহূৰ্ত হৈ পৰে।

লগতে পঢ়ক: Shah Rukh Khan King Poster: বন্দুক-গোলাপৰ সৈতে শ্বাহৰুখৰ দুৰ্দান্ত ৰূপ, নতুন পোষ্টাৰে জোকাৰিছে ছ’চিয়েল মিডিয়া



Source link

Leave A Reply

Your email address will not be published.