Voice of Eastern India

বাবুল কুমাৰ বেজবৰুৱাক GMCHৰ অধ্যক্ষ নিযুক্তি


GMCH অধ্যক্ষ তথা মুখ্য অধীক্ষক অধ্যাপক (ডা°) অচ্যুত চন্দ্ৰ বৈশ্যক বদলি কৰা হৈছে আৰু তেওঁৰ স্থানত অধ্যাপক (ডা°) বাবুল কুমাৰ বেজবৰুৱাক তাৎক্ষণিকভাৱে নিযুক্তি দিয়া হৈছে

ৰাজ্য চৰকাৰে চিকিৎসা শিক্ষা খণ্ডত এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক সালসলনিৰ নিৰ্দেশ দিছে । এই নিৰ্দেশ মৰ্মে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) অধ্যক্ষ তথা মুখ্য অধীক্ষক অধ্যাপক (ডা°) অচ্যুত চন্দ্ৰ বৈশ্যক বদলি কৰা হৈছে আৰু তেওঁৰ স্থানত অধ্যাপক (ডা°) বাবুল কুমাৰ বেজবৰুৱাক তাৎক্ষণিকভাৱে নিযুক্তি দিয়া হৈছে ।

চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ দ্বাৰা জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি, গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালৰ সামাজিক আৰু প্ৰতিৰোধমূলক চিকিৎসা (কমিউনিটি মেডিচিন) বিভাগৰ অধ্যাপক তথা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক (ভাৰপ্ৰাপ্ত) অধ্যাপক (ডা°) অচ্যুত চন্দ্ৰ বৈশ্যক নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ বদলি কৰা হৈছে । জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে তেওঁক নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক (ভাৰপ্ৰাপ্ত) হিচাপে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে ।

চৰকাৰী নিৰ্দেশটোত লগতে কোৱা হৈছে যে অধ্যাপক বৈশ্যক তাৎক্ষণিকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক (ভাৰপ্ৰাপ্ত)ৰ দায়িত্বৰ পৰা ৰেহাই দিয়া হৈছে ।

আনহাতে, আন এটা নিৰ্দেশত নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ফাৰ্মাক’লজী বিভাগৰ অধ্যাপক তথা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক (ভাৰপ্ৰাপ্ত) অধ্যাপক (ডা°) বাবুল কুমাৰ বেজবৰুৱাক তাৎক্ষণিকভাৱে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক (ভাৰপ্ৰাপ্ত) হিচাপে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে ।

একে সময়তে, অধ্যাপক বেজবৰুৱাক নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক (ভাৰপ্ৰাপ্ত)ৰ দায়িত্বৰ পৰা ৰেহাই দিয়া হৈছে ।

লগতে পঢ়ক : বিধানসভাৰ কাৰ্য্যবিধিৰ পৰা আঁতৰোৱা নহয় বড়ো ভাষা; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা



Source link

Leave A Reply

Your email address will not be published.