Voice of Eastern India

দায়িত্ব গ্ৰহণ কৰিয়েই এক্সন মুডত মন্ত্ৰী পীযুষ হাজৰীকা


মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে জিলা কৃষি বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয়

অসমৰ কৃষি, জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে জিলা কৃষি বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয় । গুৱাহাটীৰ খনাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত চলি থকা বিভিন্ন কৃষিভিত্তিক আঁচনিৰ ৰূপায়ণৰ খতিয়ান লয় ।

কৃষক পঞ্জীয়নত সৰ্বোচ্চ অগ্ৰাধিকাৰ, চলিব বিশেষ অভিযান

মন্ত্ৰী হাজৰীকাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক চৰকাৰী বিবৃতি অনুসৰি, বৈঠকত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ সকলো ক্ষেত্ৰভিত্তিক কাৰ্যালয়কে নিৰ্দেশ দিয়া হৈছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসমৰ প্ৰায় ৫০ লাখ পৰিয়াল জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল যদিও বৰ্তমান মাত্ৰ ২৪ লাখমান কৃষকেহে চৰকাৰীভাৱে পঞ্জীয়ন কৰিছে । এই বৃহৎ ব্যৱধান দূৰ কৰিবলৈ অহা ছমাহত অতিৰিক্ত ৫ ৰ পৰা ৭ লাখ কৃষকক পঞ্জীয়ন কৰাৰ লক্ষ্যৰে বিভাগক এক বিশেষ অভিযান চলাবলৈ তেওঁ নিৰ্দেশ দিয়ে, যাতে অধিক যোগ্য হিতাধিকাৰীয়ে চৰকাৰী সুবিধা লাভ কৰিব পাৰে ।

পি এম-কিষাণ আঁচনিৰ সম্প্ৰসাৰণ আৰু আই ডি সৃষ্টি

অধিকসংখ্যক কৃষকক ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ আঁচনিৰ আওতালৈ অনাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । ইয়াৰ বাবে যোগ্য হিতাধিকাৰীসকলৰ আইডি সৃষ্টিৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে ।

কৰ্মসংস্কৃতি আৰু জবাবদিহিতাত কঠোৰ স্থিতি

কৃষি আৰু জলসিঞ্চন বিভাগক কৃষকৰ কল্যাণৰ সৈতে পোনপটীয়াকৈ জড়িত বিভাগ বুলি অভিহিত কৰি মন্ত্ৰী হাজৰীকাই কয় যে সকলো বিষয়াই ক্ষেত্ৰ পৰ্যায়ত সক্ৰিয়ভাৱে কাম কৰিব লাগিব । কৰ্মসংস্কৃতি, জবাবদিহিতা আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ আপোচ নকৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে । লগতে, কোনো বিষয়াই পূৰ্বৰ জাননী আৰু কৰ্তৃপক্ষৰ অনুমোদন অবিহনে নিজৰ কৰ্তব্যৰত স্থান এৰি যাব নোৱাৰিব বুলিও কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে ।

নিম্নমানৰ বীজ যোগানকাৰী আৰু সাৰৰ ক’লা বজাৰৰ বিৰুদ্ধে হুংকাৰ

খেতিৰ বতৰ আৰম্ভ হোৱাৰ অন্ততঃ এটা মাহ পূৰ্বেই যাতে কৃষকসকলে উন্নত মানদণ্ডৰ বীজ লাভ কৰিব পাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । শেহতীয়াকৈ ডিমৰীয়া ভ্ৰমণৰ সময়ত কৃষকসকলে উত্থাপন কৰা সমস্যাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে যে নিম্নমানৰ বাবে পলমকৈ বীজ যোগান ধৰা সংস্থাসমূহৰ বিৰুদ্ধে ফৌজদাৰী কাৰ্যবিধি, ক’লা তালিকাভুক্ত কৰা আৰু অনুজ্ঞাপত্ৰ বাতিলৰ দৰে কঠোৰ আইনী ব্যৱস্থা লোৱা হ’ব । একেদৰে, সাৰৰ ক’লা বজাৰৰ সৈতে জড়িত লোকৰো অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব । সকলো জিলাতে যাতে সাৰৰ সমবিতৰণ আৰু পৰ্যাপ্ত উপলব্ধতা থাকে, তাক নিশ্চিত কৰিবলৈও তেওঁ কয় ।

লগতে পঢ়ক : গুৱাহাটীৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ





Source link

Leave A Reply

Your email address will not be published.