Voice of Eastern India

সুৰংগৰ ভিতৰতে লাইনচ্যুত মালবাহী ৰে’ল!


Assam Train Accident: লামডিং-বদৰপুৰ পাহাৰীয়া ৰে’লপথৰ সুৰংগৰ ভিতৰতে লাইনচ্যুত মালবাহী ৰে’ল। ভয়ংকৰ ঘটনাৰ পিছতে বাতিল কৰা হৈছে ১৪খন যাত্ৰীবাহী ৰে’ল।

Assam Train Accident:  শুকুৰবাৰে সন্ধিয়া সংঘটিত হোৱা  ৰে’ল দুৰ্ঘটনাৰ পিছতে এতিয়া যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লামডিং-বদৰপুৰ পাহাৰীয়া লাইনত লাইনচ্যুত হৈছিল মালবাহী ৰে’লখন(Assam Train Accident)। সুৰংগৰ ভিতৰতে লাইনচ্যুত তেল কঢ়িয়াই নিয়া ৰে’লখনৰ কেইবাটাও চকা। বান্দাৰখাল-দামছড়াৰ মাজত সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনাটো।

এই দুৰ্ঘটনাটোৰ পিছতে বহুকেইখন ৰে’লৰ চলাচল বাতিল কৰা হয়(Assam Train Accident)। ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পাছতে বাতিল ১৪ কৰা হ’ল খনকৈ ৰে’ল। বাতিল কৰা ৰে’ল সমূহ হৈছে-

আগৰতলা-SMDV এক্সপ্ৰেছ,  শিলচৰ–গুৱাহাটী এক্সপ্ৰেছ

আগৰতলা-দেওঁঘৰ এক্সপ্ৰেছ, শিলচৰ- নিউ তিনিচুকীয়া এক্সপ্ৰেছ,

ছাইৰাং–গুৱাহাটী এক্সপ্ৰেছ, ৰঙিয়া- শিলচৰ  এক্সপ্ৰেছ, আগৰতলা–নাৰাংগী এক্সপ্ৰেছ,

নাৰাংগী-আগৰতলা এক্সপ্ৰেছ,শিলচৰ-ৰঙিয়া এক্সপ্ৰেছ,

গুৱাহাটী- দুল্লভচেৰা এক্সপ্ৰেছ , গুৱাহাটী – শিলচৰ এক্সপ্ৰেছ  ,

ৰাণী কমলাপতি- আগৰতলা এক্সপ্ৰেছ , শিয়ালদাহ-ছাবৰুম কাঞ্চনজংঘা এক্সপ্ৰেছ,

পুৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ বাতিল।

ৰে’ল বাতিলৰ পিছতেই লামডিং ষ্টেচনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ওৰে নিশা ষ্টেচনতে উজাগৰে কটাবলগীয়া হ’ল যাত্ৰী। শিলচৰ অভিমুখী  ৰে’ল বাতিলৰ পিছতেই যাত্ৰী সকলৰ মাজত হাহাকাৰ হয়। (Assam Train Accident)।

লগতে পঢ়ক: Sarayu Kamala Express:ৰাম মন্দিৰৰ পৰা সীতাৰ জন্মভূমিলৈ এতিয়া সহজ হ’ব যাত্ৰা, আজিৰে পৰা আৰম্ভ হ’ল ‘সৰয়ূ-কমলা এক্সপ্ৰেছ’ 



Source link

Leave A Reply

Your email address will not be published.