Assam Weather Update: আগন্তুক দিনকেইটাত কেনে থাকিব অসমৰ বতৰ? IMDৰ নতুন আগজাননীত কি কোৱা হৈছে?
ৰাজ্যৰ বতৰক লৈ সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। ৰাজ্যৰ কিছু কিছু অঞ্চলত প্ৰচুৰ বৰষুণৰ লগতে বিজুলী-ঢেৰেকনিৰো সম্ভাৱনা আছে। ১১ নৱেম্বৰত প্ৰকাশ কৰা আগন্তুক পাঁচ দিনৰ বতৰৰ আগজাননীত এই কথা সদৰী কৰিছে বিভাগটোৱে (Assam Weather Update)।
গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, প্ৰথম দিনটোত অসমৰ কেইবাটাও স্থানত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে। বিশেষকৈ ৰাজ্যৰ দুই-এঠাইত ধাৰাসাৰ বৰষুণৰো সম্ভাৱনা আছে। ইয়াৰ লগতে কিছুমান অঞ্চলত বিজুলী-ঢেৰেকনিৰে বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে।
কেৱল বৰষুণেই নহয়, আগন্তুক দিনকেইটাত কুঁৱলীয়েও ৰাজ্যৰ কিছু অঞ্চলত প্ৰভাৱ পেলাব পাৰে। দ্বিতীয় দিনা অসমৰ দুই-এঠাইত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। একে সময়তে ৰাজ্যৰ কিছু অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া কুঁৱলী পৰিব পাৰে (Heavy Rainfall Alert Assam)।
তৃতীয় দিনাৰ পৰা ৰাজ্যৰ বতৰ কিছু উন্নত হোৱাৰ ইংগিত দিছে বতৰ বিজ্ঞান বিভাগে। এই দিনটোত অসমত শুকান বতৰ বিৰাজ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে দুই-এঠাইত কুঁৱলীৰ প্ৰভাৱ অব্যাহত থাকিব পাৰে। চতুৰ্থ দিনাও ৰাজ্যত শুকান বতৰ থকাৰ পূৰ্বাভাস দিয়া হৈছে।
পঞ্চম দিনা পুনৰ অসমৰ কোনো কোনো স্থানত পাতলীয়া বৰষুণ অথবা বিজুলী-ধেৰেকনিৰে বৰষুণ হ’ব পাৰে। অৱশ্যে দ্বিতীয় দিনাৰ পৰা পঞ্চম দিনালৈ অসমত কোনো বিশেষ বতৰৰ সতৰ্কবাণী জাৰি কৰা নাই IMD-এ।
উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ বতৰৰ আগজাননী-
অসমৰ লগতে প্ৰথম দিনা মিজোৰামৰ দুই-এঠাইত প্ৰচুৰ বৰষুণৰ সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অঞ্চলত বিজুলী-ঢেৰেকনিৰ আশংকা প্ৰকাশ কৰিছে বিভাগটোৱে। আনহাতে, মেঘালয়ৰ কোনো কোনো স্থানত বিজুলী-ঢেৰেকনিৰ লগতে শিলাবৃষ্টিও হ’ব পাৰে।
নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ কিছু স্থানত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। পৰৱৰ্তী দিনকেইটাত উত্তৰ-পূবৰ আন ৰাজ্যসমূহতো ক্ৰমাৎ বতৰৰ উন্নতি ঘটিব বুলি পূৰ্বাভাসত প্ৰকাশ পাইছে। বতৰ বিজ্ঞান বিভাগে জনসাধাৰণক বতৰৰ শেহতীয়া চৰকাৰী আগজাননীৰ প্ৰতি লক্ষ্য ৰাখিবলৈ পৰামৰ্শ দিছে।
লগতে পঢ়ক: Lightning strike in Assam: ৰাজ্যত বতৰৰ ৰুদ্ৰৰূপ, বজ্ৰপাতত কেইবাজনৰো কৰুণ ঘটনা
