Voice of Eastern India

Assam CM Diwali greetings: দেশৰ সেৱাত উৎসৱৰ আনন্দ ত্যাগ, নিৰাপত্তাৰক্ষীসকলক দীপাৱলীৰ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ


Assam CM Diwali greetings: দীপাৱলীত পৰিয়ালৰ পৰা আঁতৰত জোৱান, নিৰাপত্তাৰক্ষীলৈ হিমন্ত বিশ্বৰ বিশেষ বাৰ্তা।

পোহৰৰ উৎসৱ দীপাৱলীত সকলোৱে আপোনজনৰ সৈতে আনন্দত মতলীয়া হৈ থকাৰ সময়তে দেশৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত বহু জোৱানে কটাবলগীয়া হয় কৰ্মস্থলীতে। পৰিয়ালৰ পৰা আঁতৰত থাকিও দেশবাসীৰ সুৰক্ষাৰ বাবে কৰ্তব্য পালন কৰি অহা এইসকল নিৰাপত্তাৰক্ষীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দীপাৱলীৰ শুভেচ্ছা জনাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X-ত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে উৎসৱৰ এই সময়ছোৱাত পৰিয়ালৰ সৈতে সময় কটোৱাটো সকলোৰে বাবে বিশেষ। কিন্তু দেশৰ সুৰক্ষাৰ স্বাৰ্থত বহু নিৰাপত্তাৰক্ষীয়ে নিজৰ আপোনজনৰ সৈতে দীপাৱলী উদযাপনৰ সুযোগ ত্যাগ কৰিবলগীয়া হয় (Himanta Biswa Sarma Diwali wishes)।

নিৰাপত্তাৰক্ষীসকলৰ এই দায়িত্ববোধ আৰু ত্যাগৰ লগতে তেওঁলোকৰ পৰিয়ালৰ অৱদানৰ কথাও স্মৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। দেশৰ সেৱাক অগ্ৰাধিকাৰ দি উৎসৱৰ সময়তো কৰ্তব্যত নিয়োজিত হৈ থকা এইসকল জোৱানক নিজৰ পৰিয়ালৰ সদস্য হিচাপেই গণ্য কৰে বুলি উল্লেখ কৰে তেওঁ।

মুখ্যমন্ত্ৰীয়ে পোষ্টটোত লিখিছে, “তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালে কৰা এই ত্যাগৰ বাবে মই কৃতজ্ঞ। তেওঁলোকো মোৰ পৰিয়ালৰ সদস্য।” এই বাৰ্তাৰ সৈতে তেওঁ CRPF আৰু অসম আৰক্ষীকো টেগ কৰে।

লগতে পঢ়ক: PM Modi Diwali 2026: নক্সালবাদৰ অৱসানৰ পিছত বাস্তাৰত প্ৰথম দীপাৱলী, নিৰাপত্তাৰক্ষীৰ মাজত প্ৰধানমন্ত্ৰী মোদী





Source link

Leave A Reply

Your email address will not be published.