Oil India Tengakhat blast: অইলৰ টেঙাখাতৰ অগ্নিকাণ্ডত পুনৰ প্ৰাণহানি, মৃত্যুৰ সংখ্যা ৪জনলৈ বৃদ্ধি।
ডিব্ৰুগড়ৰ টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্ম (ITF)ত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনাত মৃত্যুৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে। চিকিৎসাধীন অৱস্থাত আন এজন গুৰুতৰভাৱে আহত ব্যক্তিৰ মৃত্যু হোৱাৰ পিছতে এই সংখ্যা বৃদ্ধি পায় (Oil India Tengakhat blast)।
মৃত্যু হোৱা ব্যক্তিজন হৈছে শৈলেন গগৈ। অগ্নিকাণ্ডত প্ৰায় ৮০ শতাংশ শৰীৰ অগ্নিদগ্ধ হোৱা শৈলেন গগৈয়ে ডিব্ৰুগড়ৰ আস্থা হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। শুকুৰবাৰৰ পৰা তেওঁ চিকিৎসাধীন হৈ আছিল।
ইয়াৰ পূৰ্বে শুকুৰবাৰে ব্যক্তিগত কোম্পানী স্পেকট্ৰন ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী ৰাজু দত্তসহ তিনিজনৰ মৃত্যু হৈছিল। আনহাতে, অগ্নিকাণ্ডত আহত তাপস গগৈ (৪০) আৰু ৰূপম গোহাঁইৰ শনিবাৰে পুৱা মৃত্যু হয়। তাপস গগৈৰ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱাৰ বিপৰীতে ৰূপম গোহাঁইৰ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত মৃত্যু হয় (Tengakhat Tank Farm Fire)।
টেঙাখাতৰ বৰদলনি গাঁৱৰ বাসিন্দা ৰাজু দত্তই অইলৰ এই প্ৰকল্পটোত ছুপাৰভাইজাৰ হিচাপে কৰ্মৰত আছিল।
ইফালে, স্পেকট্ৰন ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ আন তিনিজন কৰ্মচাৰী ক্ৰমে কুমুদ গগৈ, গোপাল দত্ত আৰু ইন্দ্ৰজিৎ গগৈ বৰ্তমানেও আস্থা হাস্পতালত চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে, যোৱা শুকুৰবাৰে (৬ নৱেম্বৰ) পুৱা অইল ইণ্ডিয়া লিমিটেডৰ টেঙাখাতস্থিত অইল কালেক্টিং ষ্টেচন (OCS)ৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত সংঘটিত হৈছিল এই ভয়ংকৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনা।
