Voice of Eastern India

Severe storm in Assam: ৰাজ্যত হঠাৎ প্ৰচণ্ড ধুমুহা-বৰষুণ, গছ পৰি এজনৰ মৃত্যু


Severe storm in Assam: শদিয়াত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ, গছ বাগৰি এজনৰ মৃত্যু।

ৰাজ্যত হঠাৎ অহা প্ৰচণ্ড ধুমুহা-বৰষুণে তাণ্ডৱৰ সৃষ্টি কৰে। উজনি অসমৰ শদিয়াত প্ৰচণ্ড ধুমুহাত এজোপা প্ৰকাণ্ড গছ বাগৰি পৰি এজন লোকৰ মৃত্যু হোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন হয়। অঞ্চলটোৰ কেইবাটাও স্থানত গছ উভালি পৰাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ লগতে বিদ্যুৎ যোগানো বিচ্ছিন্ন হৈ পৰে (Severe storm in Assam)।

ধুমুহাত ১১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় এক কিলোমিটাৰ জুৰি বহু প্ৰকাণ্ড গছ উভালি পৰে। ফলত চাপাখোৱা আৰু শদিয়াৰ মাজৰ মূল পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ৰাজপথত গছ বাগৰি পৰাৰ ফলত দীৰ্ঘ সময় ধৰি যান-বাহনৰ চলাচল বন্ধ হৈ থাকে আৰু বহু বাহন পথতে আৱদ্ধ হৈ পৰে।

এই ধুমুহাই প্ৰাণ কাঢ়িলে শংকৰ নামৰ এজন লোকৰ। জানিব পৰা মতে, আলুৰ গুদাম এটাত থকা অৱস্থাত তেওঁৰ ওপৰত এজোপা প্ৰকাণ্ড গছ বাগৰি পৰে। ধলাৰ বাসিন্দা শংকৰে মৃত্যুৰ সময়ত পত্নী আৰু দুটি কণমানি সন্তানক এৰি থৈ গৈছে (Severe storm Hits Sadiya)।

কেৱল সেয়াই নহয়, প্ৰচণ্ড ধুমুহাৰ ফলত অঞ্চলটোৰ কেইবাটাও বাসগৃহৰো ক্ষতিসাধন হৈছে। বহু লোকৰ ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে। হঠাতে অহা এই ধুমুহাই অঞ্চলটোৰ স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তোলে।

ইফালে, পথত বাগৰি পৰা গছ-গছনি আৰু অন্যান্য ধ্বংসাৱশেষ আঁতৰাই যাতায়াত ব্যৱস্থা পুনৰ স্বাভাৱিক কৰাৰ বাবে জিলা প্ৰশাসন আৰু উদ্ধাৰকাৰী দলে কাম অব্যাহত ৰাখিছে।

বছৰৰ এই সময়ছোৱাত এনে প্ৰচণ্ড ধুমুহা অস্বাভাৱিক বুলি বিবেচিত হৈছে। ধুমুহাৰ ফলত সৃষ্টি হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণক লৈ অঞ্চলটোত উদ্বেগৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: Barpeta Boat Accident: ব্ৰহ্মপুত্ৰত নাও চলাচলক লৈ আহি গ’ল কঠোৰ নিষেধাজ্ঞা



Source link

Leave A Reply

Your email address will not be published.