Voice of Eastern India

Assam industrialisation: অসমৰ ঔদ্যোগিকীকৰণৰ নতুন শক্তি মানৱ সম্পদঃ জয়ন্ত মল্লবৰুৱা


Assam industrialisation: ‘অসমৰ সৰ্বশ্ৰেষ্ঠ সম্পদ মানৱ সম্পদ’- বিনিয়োগক লৈ বিত্তমন্ত্ৰীৰ ডাঙৰ মন্তব্য

অসমৰ ঔদ্যোগিকীকৰণৰ আটাইতকৈ ডাঙৰ সম্পদ হৈছে ৰাজ্যখনৰ মানৱ সম্পদ। এই শক্তিৰ বাবেই অসম বিনিয়োগৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থান হিচাপে পৰিগণিত হৈছে। এই মন্তব্য কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Assam industrialisation)।

মুম্বাইত অনুষ্ঠিত ১৩সংখ্যক SBI Banking and Economics Conclave-ত অংশগ্ৰহণ কৰি বৰুৱাই এই মন্তব্য কৰে। অনুষ্ঠানত অসমৰ বিশেষ আকৰ্ষণ বা USP সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ মন্তব্য কৰে (Assam human resources)।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই X-ত এটা পোষ্টত কয়, “দশক দশক ধৰি এই প্ৰশ্নৰ স্পষ্ট উত্তৰ আছিল চাহ আৰু তেল। কিন্তু আজি অসমৰ শক্তি হৈছে এই পৰম্পৰাগত খণ্ডসমূহক কোনো ধৰণৰ ক্ষতি নকৰাকৈ ইয়াৰ বাহিৰলৈ গৈ অৰ্থনীতিৰ বৈচিত্ৰ্যকৰণ কৰা। ইয়াৰ আঁৰত আছে এক বিশ্বাসযোগ্য আৰু সক্ষম মানৱ সম্পদৰ ভেটি (Assam semiconductor sector)।”

মন্ত্ৰীগৰাকীয়ে কয় যে অসমে ছেমিকণ্ডাক্টৰকে ধৰি নতুন নতুন খণ্ডৰ বাবে দুৱাৰ মুকলি কৰিছে। লগতে ৰাজ্যখনত ষ্টাৰ্টআপৰ পৰিৱেশো ক্ৰমাৎ শক্তিশালী হৈ উঠিছে। ব্যৱসায়ৰ অনুকূল সংস্কাৰ আৰু ছিংগল-উইণ্ড’ ক্লিয়াৰেন্স ব্যৱস্থাৰ কথাও তেওঁ উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে কয়, “ঔদ্যোগিকীকৰণৰ বাবে অসমৰ আটাইতকৈ ডাঙৰ সম্পদ হৈছে মানৱ সম্পদ আৰু ইয়াৰ বাবেই বৰ্তমান বিনিয়োগৰ বাবে অসম এক শ্ৰেষ্ঠ গন্তব্যস্থান।”

তেওঁ কয় যে উদ্যোগ আৰু বিনিয়োগৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰাত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

তেওঁ লগতে কয়, “এতিয়া লক্ষ্য স্পষ্ট, উদ্যোগ আৰু বিনিয়োগৰ বাবে সঠিক পৰিৱেশ সৃষ্টি কৰা। এই অগ্ৰাধিকাৰ সন্মানীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ‘#ViksitAssam’ দৃষ্টিভংগীৰ কেন্দ্ৰবিন্দু হৈ আহিছে।”

উল্লেখ্য যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বৰ্তমান মুম্বাইত SBI Conclave-ত অংশগ্ৰহণৰ বাবে আছে। এই সন্মিলনত বেংকিং, অৰ্থনীতি আৰু ব্যৱসায় খণ্ডৰ বিভিন্ন অংশীদাৰ একত্ৰিত হৈছে।

লগতে পঢ়ক: লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰীৰ দুৰ্গা পূজাৰ উপহাৰ





Source link

Leave A Reply

Your email address will not be published.