Voice of Eastern India

হঠাৎ কিয় বিজেপি ত্যাগ সীমান্ত শেখৰৰ?


ভাৰতীয় জনতা পাৰ্টি তথা বিজেপিৰ পৰা পদত্যাগ গায়ক সীমান্ত শেখৰৰ

ভাৰতীয় জনতা পাৰ্টি তথা বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ। অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰাও পদত্যাগ কৰে গায়কগৰাকীয়ে। তেওঁ বিজেপিৰ অসম ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতি আৰু দলটোৰ প্ৰাথমিক সদস্যপদৰ পৰাও পদত্যাগ কৰাৰ সিদ্ধান্তৰ কথা ইতিমধ্যে ৰাজহুৱা কৰিছে (Simanta Shekhar Resigns BJP)।

এক বিবৃতিত সীমান্ত শেখৰে কয় যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে।

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ

শেখৰে কয় যে এই সিদ্ধান্ত সম্পূৰ্ণৰূপে ব্যক্তিগত কাৰণত গ্ৰহণ কৰা হৈছে। বিজেপিৰ ৰাজনৈতিক আদৰ্শ, নীতি বা কোনো ব্যক্তিৰ প্ৰতি অসন্তুষ্টিৰ বাবে এই সিদ্ধান্ত লোৱা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। লগতে ভৱিষ্যতে কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নাথাকে বুলিও স্পষ্ট কৰি দিয়ে তেওঁ।

নিজৰ বিবৃতিত শেখৰে বিজেপিৰ সহকৰ্মী, সমৰ্থক আৰু দলীয় কৰ্মীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে দলটোৰ ভৱিষ্যতৰ কাৰ্যকলাপ আৰু অসমৰ ৰাইজৰ সেৱাৰ ক্ষেত্ৰত সফলতা কামনা কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈও শুভেচ্ছা জ্ঞাপন কৰি সীমান্ত শেখৰে কয় যে তেওঁৰ নেতৃত্বত অসমৰ উন্নয়ন আৰু প্ৰগতি অব্যাহত থাকিব বুলি তেওঁ আশা কৰে।

অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ

শেখৰে বিবৃতিৰ শেষত কয় যে অসম আৰু অসমীয়া সমাজৰ প্ৰতি তেওঁৰ মৰম, সন্মান আৰু দায়বদ্ধতা আগৰ দৰেই অটুট থাকিব।

উল্লেখ্য যে, ‘জুবিন দিৱস’ৰ দিনা শিল্পীগৰাকী সন্দৰ্ভত মধ্য গুৱাহাটীৰ বিজেপি বিধায়ক বিজয় গুপ্তাই কৰা মন্তব্যৰ তীব্ৰ সমালোচনা কৰিছিল সীমান্ত শেখৰে। ‘ৰাজনীতিৰ ঊৰ্ধ্বত আছে আমাৰ সংস্কৃতি, আমাৰ আবেগ আৰু আমাৰ শিল্পীসকলৰ প্ৰতি সন্মান’ বুলি উল্লেখ কৰি বিধায়কগৰাকীক তীব্ৰ সমালোচনা কৰিছিল তেওঁ। লগতে পদত্যাগৰ এদিন পূৰ্বে, সোমবাৰে নিশা সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিশেষ পোষ্ট কৰিছিল সীমান্ত শেখৰে।

লগতে পঢ়ক: ‘হিমন্ত দাৰ শক্তি-গতি Gen Zৰ দৰে’-মুখ্যমন্ত্ৰীক জীত আদানীৰ প্ৰশংসা



Source link

Leave A Reply

Your email address will not be published.