Voice of Eastern India

Miss you, Zubeen! জুবিন গাৰ্গক সুঁৱৰি মুখ্যমন্ত্ৰীৰ পোষ্ট


সামাজিক মাধ্যমত হিয়াৰ আমঠু জুবিন গাৰ্গক সুঁৱৰি এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। Miss you, Zubeen লিখি মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট ।

আজি ১৯ ছেপ্টেম্বৰ। বিগত বছৰৰ আজিৰ দিনটোতেই অসমবাসীৰ হৃদয় চিৰদিনৰ বাবে উকা কৰি গুচি গৈছিল প্ৰাণৰ আমঠু জুবিন গাৰ্গ। জুবিন গাৰ্গক সুঁৱৰি আজিও উচুপি উঠিছে ৰাজ্যবাসী। তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হিয়াৰ আমঠু গৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী স্মৰণ কৰি দুখন আলোকচিত্ৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

২০২৫ চনৰ ছেপ্টেম্বৰ মাহত প্ৰয়াত হোৱা জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী সমগ্ৰ অসমে পালন কৰাৰ সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ব্যক্তিগত ‘এক্স’ (X) হেণ্ডেলৰ জৰিয়তে দুখন ফটো পোষ্ট কৰিছে। ফটো দুখন শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে Miss you, Zubeen!

আনহাতে, সামাজিক মাধ্যমত পুৱাতে জুবিনক সুঁৱৰি মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে, নেদেখা দূৰত ৰৈ তুমি আজিও আছা আমাৰ মাজতে, থাকিবাও অনন্ত কাললৈ… Miss you, Zubeen!



Source link

Leave A Reply

Your email address will not be published.