Voice of Eastern India

অভিশপ্ত ১৯ ছেপ্টেম্বৰ; জুবিন বিহীন এটা বছৰ


প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ আজি এটা বছৰ। ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ দিনটো ছিংগাপুৰত স্তব্ধ হৈ পৰিছিল এটা কণ্ঠ ।

আজি ১৯ ছেপ্টেম্বৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ আজি এটা বছৰ।কোনেও কাহানিও সপোনত নভবা কথাটো বাস্তৱ পৰিণত হৈছিল ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ দিনটো।সেই অভিশপ্ত দিনটোতেই ছিংগাপুৰত স্তব্ধ হৈছিল এটা কণ্ঠ। বিগত বছৰৰ ১৭ ছেপ্টেম্বৰত ছিংগাপুৰলৈ বুলি হাঁহি হাঁহি ওলাই যোৱা হাৰ্টথ্ৰব জুবিন গাৰ্গ উভতি আহিছিল এটা নিথৰ দেহ হৈ। ২০২৫ টনৰ আজিৰ দিনটোতেই আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিল সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।

সেই অভিশপ্ত ১৯ ছেপ্টেম্বৰৰ পিছতেই স্তব্ধ হৈ পৰিছিল সমগ্ৰ ৰাজ্য।স্তব্ধ হৈ পৰিছিল জাতিৰ হৃদস্পন্দন।কান্দোনত ভাগি পৰিছিল অসমবাসী।চাৰিওফালে বাজি উঠিছিল মায়াবিনী ৰাতিৰ বুকুত। এটা বছৰ পাৰ হৈ গ’ল, কিন্তু অভিশপ্ত সেই ১৯ ছেপ্টেম্বৰৰ দিনটো আজিও সকলোৰে মনত একেদৰেই ৰৈ গ’ল।  

জুবিন গাৰ্গ গুচি যোৱাৰ পিছত চৌদিশে কেৱল শূন্যতাই বিৰাজ কৰিছে।জুবিন গাৰ্গ নাই, কিন্তু জুবিনৰ সেই কণ্ঠৰ সুৰ আজিও অসমীয়াৰ হৃদয়ত বাজি আছে। যদিও জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাই কিন্তু তেওঁৰ সৃষ্টিৰাজী প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, অনন্ত কাললৈ সকলোৰে হৃদয়ত থাকিব।

লগতে পঢ়ক: ‘গাঁৱে গাঁৱে Dairy Milk Society নিৰ্মাণ কৰিম’; গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে বৃহৎ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ



Source link

Leave A Reply

Your email address will not be published.