আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনক বিজেপিৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক যুঁজ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনক বিজেপিৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক যুঁজ হিচাপে অভিহিত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে এই নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৱে ১২৬ টা সমষ্টিতে জয়লাভ কৰিব (Nagaon Lok Sabha bypoll)।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বিজেপিয়ে নগাঁও লোকসভা উপ-নিৰ্বাচনত জয়লাভ কৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৱে ১২৬খন আসনতে জয়লাভ কৰিব পাৰে বুলি তেওঁ বিশ্বাস কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যোৱা এটা মাহত ভোটাৰৰ মনোভাৱ বিজেপিৰ প্ৰতি সলনি হোৱা তেওঁলোকে লক্ষ্য কৰিছে (Assam Assembly Election 2031)।
অৱশ্যে তেওঁ স্বীকাৰ কৰে যে নগাঁও পৰম্পৰাগতভাৱে বিজেপিৰ শক্তিশালী ঘাটি নহয় আৰু ঐতিহাসিকভাৱে এই আসনখন কংগ্ৰেছৰ দখলত আছিল।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান নগাঁও লোকসভাত মৰিগাঁও, জাগীৰোড, ৰহা, নগাঁও আছে। যোৱা বিধানসভা নিৰ্বাচনত ৫০ হাজাৰকৈ ভোটত বিজেপি এই কেইটাত জিকিছে। কিন্তু চামগুৰি, লাহৰীঘাট, ধিং, ৰূপহী এইকেইটা সমষ্টিত বিজেপি ডেৰ লাখকৈ ভোটত পৰাস্ত হৈছে (BJP 126 seats Assam)।
তেওঁ কয়- “যোৱা এটা মাহত আমি দেখিছোঁ যে মানুহ বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। কিন্তু এইখন পৰম্পৰাগত বিজেপিৰ আসন নহয়; এই আসনখন সদায় কংগ্ৰেছৰ আছিল।”
উল্লেখ্য যে, ২০৩১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে নগাঁও লোকসভা উপ-নিৰ্বাচনে বিশেষ গুৰুত্ব লাভ কৰিছে। এই নিৰ্বাচনত বিজেপিয়ে প্ৰাক্তন IAS বিষয়া দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে প্ৰাক্তন বটদ্ৰৱা বিধায়ক শিৱামণি বৰাক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। ইফালে AIUDF-এ দলৰ মুৰব্বী বদৰুদ্দিন আজমলক প্ৰাৰ্থী হিচাবে ঘোষণা কৰিছে।
লগতে পঢ়ক: নগাঁও লোকসভা উপ-নিৰ্বাচনঃ বদৰুদ্দিন আজমল হ’ব AIUDFৰ প্ৰাৰ্থী
