হিজাব পৰিধানক কেন্দ্ৰ কৰি কলেজ চৌহদত দুটা ফৈদৰ মাজত প্ৰচণ্ড সংঘৰ্ষ
হিজাব পৰিধানক কেন্দ্ৰ কৰি মহাবিদ্যালয়ত ঘটিল ভয়ংকৰ ঘটনা। মঙলবাৰে শিলচৰৰ কাছাৰ কলেজত হিজাব পৰিধানক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। জানিব পৰা মতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু নেচনেল ষ্টুডেন্টছ ইউনিয়ন অব্ ইণ্ডিয়াৰ সৈতে জড়িত দুটা গোটৰ মাজত সূত্ৰপাত হয় এই সংঘৰ্ষৰ।
মহাবিদ্যালয়খনৰ চৌহদত NSUI-এ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। ABVP-ৰ সদস্যসকলে এই কাৰ্যসূচীক লৈ আপত্তি দৰ্শোৱাৰ লগতে হিজাব পৰিধান কৰা কেইবাগৰাকীও ছাত্ৰীক লৈ আপত্তি কৰে (Cachar College Hijab Row)।
ইয়াৰ পিছতে পৰিস্থিতি ক্ৰমে উত্তপ্ত হৈ পৰে আৰু কিছু সময়ৰ ভিতৰতে বাক-বিতণ্ডাই সংঘৰ্ষৰ ৰূপ লয়। এই সংঘৰ্ষত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আহত হয় বুলি জানিব পৰা গৈছে (Cachar College Clash)।
এই সংঘৰ্ষত হিজাব পৰিধান কৰা একাংশ ছাত্ৰীক আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰে NSUI-ৰ সদস্যসকলে। অৱশ্যে এই অভিযোগ এতিয়ালৈ নিশ্চিত হোৱা নাই।
ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। লগতে আহত ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়।
উল্লেখ্য এই ঘটনাৰ এদিন পূৰ্বে মহাবিদ্যালয়খনৰ এদল শিক্ষাৰ্থীয়ে জিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰি শিক্ষানুষ্ঠানখনৰ চৌহদত ধৰ্মীয় পোছাক পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনাইছিল।
লগতে পঢ়ক: মানসজ্যোতি চেতিয়াৰ ঘটনাক লৈ নিশা উত্তপ্ত পৰিস্থিতি
