Voice of Eastern India

জনশূণ্য মেঘালয়ৰ পৰ্যটনস্থলী, বন্ধ কৰি দিয়া হ’ল ইন্ধন পৰিবাহী ট্ৰাক


ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে যোৰাবাটৰ পৰিস্থিতি। বন্ধ কৰি দিয়া হ’ল অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল। মেঘালয়ৰ হোটেল, ৰেষ্টুৰেন্টৰ বুকিং বাতিল।

শেহতীয়াকৈ অসম-মেঘালয়ৰ সংঘাতৰ ফলশ্ৰুতিত সৃষ্টি হোৱা অচলাৱস্থা আজিও অব্যাহত আছে। যোৰাবাটত অসমৰ টেক্সি ইউনিয়ন, কেব চালকসকলে দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত ৰাখিছে। প্ৰতিবাদকাৰীসকলে মেঘালয়ৰ পঞ্জীয়নভুক্ত যান-বাহনসমূহ গুৱাহাটীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে। অসমৰ পৰা মেঘালয় অভিমুখী বাহনসমূহকো প্ৰতিবাদকাৰীসকলে পথত আৱদ্ধ কৰিছে (Assam Meghalaya conflict)

এই পৰ্যন্ত শ শ বাহন ৰজপথত আৱদ্ধ হৈ পৰিছে। ফলত ঘাইপথত তীব্ৰ যান-জঁট পৰিলক্ষিত হৈছে (Shillong Violence Update)।

ইয়াৰ মাজতে শেহতীয়াকৈ পেট্ৰলিয়াম মজদুৰ ইউনিয়নে অসমৰ পৰা মেঘালয়লৈ ইন্ধনৰ সৰবৰাহো বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। মেঘালয়লৈ অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰা হৈছে পেট্ৰ’ল-ডিজেলৰ টেংকাৰৰ চলাচল। চুবুৰীয়া ৰাজ্যখনলৈ বন্ধ কৰি দিয়া হৈছে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল। চিলিণ্ডাৰ পৰিবাহী ট্ৰাকৰ প্ৰৱেশতো বাধা প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে (।

ইফালে মেঘালয়ত দেখা দিছে অৰ্থনৈতিক সংকটে! এই সংঘাতৰ প্ৰত্যক্ষ প্ৰভাৱ মেঘালয়ৰ পৰ্যটন খণ্ডৰ ওপৰত প্ৰত্যক্ষভাৱে পৰা পৰিলক্ষিত হৈছে। জনশূণ্য হৈ পৰিছে মেঘালয়ৰ পৰ্যটনস্থলী। বাতিল কৰা হৈছে হোটেল-ৰেষ্টুৰেন্ট, হোমষ্টেৰ বুকিং (Protest at Jorabat)

উপায়ন্তৰ হৈ মেঘালয়ৰ হোটেল-ৰেষ্টুৰেন্ট কৰ্তৃপক্ষই পূৰ্বৰ তুলনাত ৫০ শতাংশতকৈ অধিক মূল্য হ্ৰাস কৰিবলৈ বাধ্য হৈছে।  

উল্লেখ্য যে, প্ৰতিবাদৰ নামত বুধবাৰে অসমৰ পৰ্যটক আৰু বাহনক লক্ষ্য কৰি মেঘালয়ত একাংশ দুৰ্বৃত্তই সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড। ইয়াৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু অসমৰ টেক্সি ইউনিয়ন, কেব চালকসকলে মেঘালয়ত পঞ্জীয়নভুক্ত বাহনসমূহ অসমত প্ৰৱেশত বাধা আৰোপ কৰে। লগতে বুধবাৰে সংঘটিত ঘটনাত জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

আনহাতে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত মেঘালয়ৰ কেইবাটাও স্থানত অসমৰ কেইবাখনো বাহন এতিয়াও আৱদ্ধ হৈ আছে।

লগতে পঢ়ক: ‘মেঘালয়ৰ অতপালি সহ্য কৰা নহ’ব’; শৃংখল চলিহাৰ হুংকাৰ



Source link

Leave A Reply

Your email address will not be published.