এজাক বৰষুণতে গুৱাহাটীত হাহাকাৰ! খহিল পথ, পানীৰ তলত মহানগৰীৰ বহু অঞ্চল
এজাক মুষলধাৰ বৰষুণেই গুৱাহাটীৰ বহু অঞ্চলৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে! গীতানগৰত ভূমিস্খলনৰ ঘটনাই স্থানীয় লোকসকলক চিন্তিত কৰি তোলাৰ সময়তে মহানগৰীৰ কেইবাটাও অঞ্চলত সৃষ্টি হৈছে তীব্ৰ কৃত্ৰিম বান।
প্ৰবল বৰষুণৰ পিছত গীতানগৰৰ ঔতল অঞ্চলৰ অনুপম পথত সংঘটিত হয় ভূমিস্খলন। ৰাস্তাৰ অংশস্বৰূপ এটা কংক্ৰীটৰ শ্লেব মাটিৰ সৈতে খহি ওচৰৰ ঘৰসমূহৰ কাষত পৰে।
এই ঘটনাৰ পিছতে অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হয়। স্থানীয় লোকসকলৰ আশংকা- বৰষুণ অব্যাহত থাকিলে পুনৰ মাটি খহি পৰিব পাৰে। তেনে হ’লে তলৰ অংশত থকা লোকসকলৰ জীৱনলৈ নামি আহিব পাৰে ভয়ংকৰ বিপদ।
ইফালে, প্ৰবল বৰষুণৰ ফলত দেওবাৰে পুৱাই গুৱাহাটীৰ কেইবাটাও কৃত্ৰিম বান-প্ৰৱণ অঞ্চল পানীত বুৰ যায়। অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীগাঁও, হাতীগাঁও আৰু কাহিলীপাৰাত জলমগ্ন পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা যায়।
উল্লেখ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) অহা দিনকেইটাত গুৱাহাটীসহ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। গুৱাহাটীৰ কেইবাটাও অঞ্চলত স্থানীয় ভূমিস্খলন আৰু কৃত্ৰিম বানৰ আশংকাও প্ৰকাশ কৰা হৈছে।
লগতে পঢ়ক : বানত বিপৰ্যস্ত অসম! ৪৬০খন গাঁও পানীৰ তলত, ৯৯ জনৰ প্ৰাণহানি
